
গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিখন আজি গোৰেশ্বৰ নগৰ সমিতিৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এক ৰাজহুৱা সভাত গঠন কৰা হয়। ৫৫ সংখ্যক গোৰেশ্বৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতি গঠন উপলক্ষে আজি জয়ৰাম দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিগত বৰ্ষ সমূহৰ ৰাস উদযাপন সম্পৰ্কেও বিশদ ভাৱে আলোচনা কৰা হয়।
গোৰেশ্বৰ অঞ্চলৰ কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাই গোৰেশ্বৰ আঞ্চলিক ৰাস উৎসৱ এইবেলিৰ পৰা সুন্দৰকৈ সুশৃংখলিতভাৱে আয়োজন কৰাৰ পোষকতা কৰে। লগতে আজি পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয় যদিও পুৰণি সমিতিৰ সম্পাদক সভাত উপস্থিত নথকাত তেওঁক অহা সাতদিনৰ ভিতৰত হিচাপ নিকাচ আৰু সকলো নথি পত্ৰ জমা দিবলৈ আহ্বান জনাই সভাই প্ৰস্তাৱ গ্ৰহণ কৰে।
আজিৰ ৰাজহুৱা সভাই ৫৫ সংখ্যক গোৰেশ্বৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ বাবে ধনঞ্জয় বসুমতাৰীক সভাপতি, সুৰেণ বড়োক কাৰ্যকৰী সভাপতি, সত্য ঠাকুৰীয়াক উপ সভাপতি, হেমেন ভাগৱতীক সাধাৰণ সম্পাদক, মহেন্দ্ৰ বৰা আৰু মুন বড়োক সহকাৰী সাধাৰণ সম্পাদক হিচাপে বাচনি কৰা হয়। ইপিনে প্ৰাক্তন সভাপতি জয়ৰাম দাসৰ পৰা নতুন সমিতিয়ে দায়িত্বভাৰ গ্ৰহণ কৰে।