
newsnextone.com | ডিজিটেল ডেস্কঃ আজি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল পূৰ্বৰ বছৰতকৈ আশাপ্ৰদ হ’লেও বিগত দহ বছৰৰ তুলনাত শোচনীয় বুলি প্ৰমাণিত হৈছে৷ ২০০৯ চনৰ পৰা ২০১৭ চনলৈ পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰৰ ফালৰ পৰা চাব গ’লে নৱম স্থানলৈ অৱনমিত হৈছে এইবাৰৰ ফলাফল৷
অৱশ্যে ২০১৭ বৰ্ষৰ উত্তীৰ্ণৰ হাৰে অৰ্ধশতকৰ ঘাই পাৰ কৰিব নোৱাৰাৰ বিপৰীতে ২০১৮ বৰ্ষৰ ফলাফল উৎসাহজনক৷ ২০১৮ বৰ্ষত উত্তীৰ্ণৰ হাৰ হৈছে ৫৬.০৪ শতাংশ৷ ২০১৭ বৰ্ষত মাত্ৰ ৪৭.৯৪ শতাংশ পৰীক্ষাৰ্থীয়েহে পাৰ হৈছিল হাইস্কুলৰ ডেওনা৷
মুঠ ৩ লাখ ৩৭ হাজাৰ ৫শ ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ১ লাখ ৮৯ হাজাৰ ১৯১ গৰাকী উত্তীৰ্ণ হৈছে৷ একেদৰে ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰো উন্নীত হৈছে৷ ২০১৭ বৰ্ষত মুঠ ৩লাখ ৭২হাজাৰ ৬শ ৪০ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত উৰ্ত্তীণ হৈছিল ১ লাখ ৭৮হাজাৰ ৬শ ৫৬জন৷
ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৫৯ শতাংশ হোৱাৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৫৩.২৩ শতাংশ৷ ২০১৭ বৰ্ষত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৪৯.৪১ শতাংশৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ আছিল মাত্ৰ ৪৬.৫১ শতাংশ।
এইবেলি মুঠ পৰীক্ষাৰ্থী আছিল ৩ লাখ ৪৪ হাজাৰ ২১৫ গৰাকী৷ ইয়াৰে পৰীক্ষাত বহে ৩ লাখ ৩৭ হাজাৰ ৫৭০গৰাকী শিক্ষাৰ্থীয়ে৷ সৰ্বমুঠ ছাত্ৰ আছিল ১ লাখ ৬৭ হাজাৰ ৮৯৪ গৰাকী ইয়াৰে ১ লাখ ৯৬ হাজাৰ ৪৯২গৰাকী ছাত্ৰই পৰীক্ষাত বহে৷ ৩১,৮৬১ গৰাকী ছাত্ৰই প্ৰথম বিভাগত, ৪১,৪৪২ গৰাকীয়ে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ২৩, ৭৩৫গৰাকী ছাত্ৰই৷
আনহাতে ১ লাখ ৭৬ হাজাৰ ৩২১গৰাকী ছাত্ৰীৰ ভিতৰত পৰীক্ষাত বহে ১ লাখ ৭৩ হাজাৰ ৭৮ গৰাকীয়ে৷ ইয়াৰে ২৯,১২৬ গৰাকীয়ে প্ৰথম বিভাগত, ৪০,৪১১ গৰাকীয়ে দ্বিতীয় আৰু ২২৫৯৮ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷ মহিলাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৫৩.২৩ শতাংশ আৰু পুৰুষৰ ৫৯ শতাংশ উত্তীৰ্ণ হয়৷ মুঠ উত্তীৰ্ণৰ হাৰ হৈছে ৫৬.০৪ শতাংশ৷
মুঠ ৬৬৪৫ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহা নাছিল৷ ২৩ গৰাকীৰ ফলাফল এতিয়ালৈ ঘোষণা কৰিব পৰা নাই আৰু ৪১২ গৰাকী পৰীক্ষাৰ্থীক পৰীক্ষা কেন্দ্ৰ পৰা বহিস্কাৰ কৰা হয়৷ মুঠৰ ওপৰত শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত৷