
গুৱাহাটীঃ অখ্যাত সংগঠন হিন্দু সংহতি মঞ্চৰ নেতা দেৱতানু ভট্টাচাৰ্যৰ মন্তব্যক তীব্ৰ গৰিহণা দিয়ে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে। এক বিবৃতি যোগে সংগঠনটোৰ সভাপতি যুগল বৰুৱাই এই মন্তব্যক গৰিহণা দি উত্তৰ পূৰ্বাঞ্চলৰ কোনো ৰাজ্য ভাৰতীয় হিন্দুত্ববাদী সংগঠনৰ পক্ষত নাই বুলি কয়৷
আমাৰ কথাৰ বাদেই দিয়ক, অসমৰ বাহিৰেও সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল ভাৰতীয় হিন্দুত্ববাদী সংগঠনৰ পক্ষত নহয় বুলি স্পষ্টা কৰে। আমি স্বাধীন ৰাষ্ট্ৰ অসম, শংকৰ-আজান দেশৰ মানুহ আমি। ইয়াত কোনো হিন্দুত্বৰ কথা নাহে। আমাক লাগে কেৱল অবৈধ বিদেশী মুক্ত এখন সুস্থ-সবল বৰ অসম। যত খিলঞ্জীয়াৰ অস্তত্বী সুৰক্ষিত হৈ থাকিব বুলি সংগঠনটোৱে মন্তব্য প্ৰকাশ কৰে।
শিলচৰৰ এখন সভাত "হিন্দুসকলে মুছলমানৰ বিৰুদ্ধে হাতত বন্দুক তুলি ল'ব লাগে" বুলি এক সাম্প্ৰদায়িক মন্তৱ্য আগবঢ়াইছিল অখ্যাত সংগঠন হিন্দু সংহতি মঞ্চৰ নেতা দেৱতানু ভট্টাচাৰ্যই৷ এই মন্তব্য প্ৰকাশ কৰাৰ পিছতে ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷
হিন্দু সংহতি মঞ্চৰ নেতা দেৱতানু ভট্টাচাৰ্য্যৰ এই বিস্ফোৰক মন্তৱ্যই ৰাজ্যখনৰ শান্তি সম্প্ৰীতি বিঘ্নিত কৰিব পাৰে বুলি বিভিন্ন মহলে সন্দেহ প্ৰকাশ কৰে। দেৱতানু ভট্টাচাৰ্য্যৰ এই সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে হাতিগাঁও থানাত দেওবাৰে এটা গোচৰ ৰূজু কৰা কৰে সদৌ অসম গৰিয়া মৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক মইনুল হকে৷