ৰাজ্যৰ শিক্ষকক প্ৰতাৰণা, আৰঅপি-২০১৭ আইন ধূলিস্যাৎ কৰি দৰমহা হ্রাস কৰিলে হিমন্তই

নাৰায়ণপুৰঃ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শিক্ষকসমাজ৷ স্নাতক পৰ্যায়ৰ প্ৰাথমিক শিক্ষকসকলৰ বাবে সপ্তম দৰমহা আয়োগ আৰু আৰঅপি-২০১৭য়ে নিৰ্ধাৰণ কৰা গ্ৰেড পে ৮,৭০০ টকাৰ পৰা কৰ্তন কৰি ৬,৮০০ কৰাত জাঙু খাই উঠিছে শিক্ষকসকল৷ যোৱা ৩ নৱেম্বৰত অসম চৰকাৰৰ বিত্ত বিভাগে WT Message No.FPc.18/2013/PT/12 যোগে ৬,৮০০ টকা প্ৰদান কৰাৰ নিৰ্দেশ দিয়াত ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনকে ধৰি ৰাজ্যৰ শিক্ষকসকলে ক্ষোভিত হৈ পৰিছে৷

সম্পূৰ্ণ বিধিগত ভাবে ১৫/১৬ মাহ ধৰি ৮,৭০০ টকাৰ গ্ৰেড পেত দৰমহা লাভ কৰা শিক্ষকসকলে শিক্ষা বিভাগ তথা বিত্ত বিভাগৰ এনে কাৰ্যত চৰম অপমানিত হৈ ৰাজ্যজুৰি তাঁৰ বাৰ্তা (WT Message) ৰ প্ৰতিলিপি দাহ কৰি পৰ্তিবাদ সাব্যস্ত কৰে৷ আনহাতে শিক্ষকসকলে শিক্ষা বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰি গ্ৰেড পে ৮,৭০০ বাহাল ৰাখিবলৈ দৈবা জনায়।

ৰাজ্য চৰকাৰে আসোঁৱাহ নিৰ্মূল সমিতি (Anomaly Committee)ৰ সাম্ভাব্য প্ৰতিবেদনক দোহাই দি দায় সাৰিব বিচাৰিছে যদিও শিক্ষকসকলে শিক্ষামন্ত্ৰীৰ পৰিৱৰ্তনৰ শ্ল’গানৰ নামত এয়া চৰম প্ৰতাৰণা কৰা বুলি অভিযোগ উত্থাপন কৰে৷ ১৮ ছেপ্তেম্বৰ তথা পূজাৰ পূৰ্বেই ৰাজ্যৰ কৰ্মচাৰীয়ে দৰমহা-বকেয়া ধন লাভ কৰিব বুলি দম্ভালি মৰা বিত্তীয় তথা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য ক্ৰমাৎ প্ৰহসনত পৰিণত হোৱা বুলি ক্ষোভুিত হৈ পৰে শিক্ষকসকল।

কিয়নো আজি কোপতি ৩-৪ মাহ ধৰি শিক্ষকে দৰমহাৰ পৰা বঞ্চিত হৈ আহিছে। সততে RTE Act-2009, ROP-2017ৰ কথা কৈ কাম কৰি অহা বুলি কোৱা শিক্ষামন্ত্ৰীজনে প্ৰাথমিক শিক্ষকসকলক এই নীতি কোনো কাৰণতে মানি লোৱা নহ'ব বুলি সকীয়াই দিছে ৰাজ্যৰ প্ৰাথমিক পৰ্যায়ৰ স্নাতক শিক্ষকসকলে। তদুপৰি আগন্তুক তৃতীয় পৰ্যায়ৰ গুণোৎসৱ বর্জনৰো হুংকাৰ দিয়ে শিক্ষকসকলে। প্ৰয়োজন সাপেক্ষে ৰাজ্যজুৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ লগতে প্ৰয়োজনত আদালতৰ কাষ চাপিবলৈ সাজু বুলি অসম চৰকাৰক সকীয়াই দিয়ে স্নাতক পৰ্যায়ৰ প্ৰাথমিক শিক্ষক সন্থা GLETAA-এ।