
চাবুৱা/ডিব্ৰুগড়ঃ প্ৰচুৰ সম্ভৱনা থকা ৰাজ্যৰ ১০ খন তৈল ক্ষেত্ৰ কেন্দ্ৰীয় চৰকাৰে পুনৰ ব্যক্তিগত খণ্ডক গতোৱাৰ সিন্ধান্তৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছ৷ দল-সংগঠনে কেন্দ্ৰ-ৰাজ্য চৰকাৰক শাসন কৰি থকা বিজেপি দলক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে৷ বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে দিয়া জাতি, মাটি, ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি পাহৰি এতিয়া অসমৰ সম্পদৰ ওপৰত চকু দিয়া বুলি অভিযোগ উত্থাপিত হৈছে৷
অসমৰ সম্পদ দিল্লীয়ে ব্যক্তিগত খণ্ডক গতাই অসমীয়াৰ অধিকাৰ খৰ্ব কৰিব বিছৰা বুলিও অভিযোগ কৰে একাংশ লোকে৷ অসমৰ সম্পদৰ অধিকাৰ অসমীয়াক দিয়াৰো দাবী জনাই৷ একপ্ৰকাৰ ক্ষোভিত ৰাজ্যবাসীয়ে বিজেপিৰ প্ৰকৃত চৰিত্ৰ লাহে লাহে ওলাই পৰিছে বুলি কব খোজে৷ দিল্লীৰ কোনো এখন চৰকাৰে অসমীয়াৰ হাতত সম্পদৰ অধিকাৰ থকাটো নিবিচাৰে সেয়া কংগ্ৰেছে হওক নতুবা বিজেপিৰ চৰকাৰে হওক৷ চাহৰ নিলাম কেন্দ্ৰ অসমলৈ আনি দেখুৱাবলৈ বিজেপিক প্ৰত্যাহ্বান জনাই একাংশ লোকে৷
বিজেপিয়ে দিল্লীৰ পৰা একো আনিব নোৱাৰে যদিও অসমৰ সম্পদ নি আছে যদিও বাধা দিব পৰা সাহসো নাই বুলি প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰিছে দল-সংগঠনে৷ অসমৰ বিজেপিৰ নেতাসকলে দিল্লীৰ কথা মতে উঠা-বহা কৰে যদিও অসমৰ সম্পদৰ কথা দিল্লীত কব নোৱাৰে যাৰ ফলত ভাৰত চৰকাৰে সম্পূৰ্ণ সাজু হৈছে বহিৰাগত কোম্পেনীক তৈলক্ষেত্ৰ গতাবলৈ৷ ব্যাপক জনমত গঠন হৈছিল তৈল ক্ষেত্ৰ নিলামৰ বিৰুদ্ধে৷ ৰাজ পথলৈ ওলাই আহিছিল ৰাজ্যৰ জনসাধৰন৷
অসমৰ তৈল ক্ষেত্ৰ ব্যক্তিগত প্ৰতিষ্ঠানক গতোৱাৰ তীব্ৰ বিৰোধিতা কৰিছিল অসমৰ বহু দল-সংগঠনে। সমগ্ৰ পৃথিৱীতে নাম থকা ভাৰতৰ প্ৰথম খন তৈল ক্ষেত্ৰ এতিহ্যমণ্ডিত ডিগবৈ তৈলক্ষেত্ৰকো বহিৰাগতক গতাবলৈ ওলাইছে চৰকাৰে৷ যি খন তৈলক্ষেত্ৰত গেছৰ ভাণ্ডাৰ ৰূপে চিহ্নিত কৰা হৈছে আনহাতে আছে তেলকূপ৷ ৰাজ্যৰ কেইবাখনো তৈল ক্ষেত্ৰৰ লগতে শেহতীয়াকৈ ডিব্ৰুগড় জিলাৰ অন্যতম চহকী ৰহমৰীয়া তৈলক্ষেত্ৰ কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত প্ৰতিষ্ঠানক গতোৱাৰ বাবে চৰকাৰে সাজু হোৱাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
ডিব্ৰুগড়ৰ দল-সংগঠনে তৈল ক্ষেত্ৰ খন কোনো কাৰণত বহিৰাগতক গতাই দিব দিয়া নহ’ব বুলি হুংকাৰ দিয়ে৷ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৰহমৰীয়া আঞ্চলিক সমিতিয়ে এক বিবৃতিৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে অইল ইণ্ডিয়াই কোনোধৰণৰ ব্যৱস্থা নকৰাত ৰহমৰীয়াবাসীয়ে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত অইলৰ কাম কাজ বন্ধ কৰি ৰাখিছে বুলি কয়। নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰাই অসমৰ জাতীয় অনুষ্ঠান অইল ইণ্ডিয়া লিমিটেডক সম্পূৰ্ণৰূপে নিঃশেষ কৰিবলৈ উঠি পৰি লাগিছে।
কেন্দ্ৰীয় চৰকাৰে বৃহত্তৰ ৰহমৰীয়া অঞ্চলৰ গৰাখহনীয়াৰ সমস্যা প্ৰথমে স্থায়ী সমাধান কৰক। ৰাইজৰ সমস্যা সমাধান কৰিব নোৱাৰা চৰকাৰে ৰাজহুৱা সম্পদ বিক্ৰি কৰাৰ কোনো অধিকাৰ নাই। জাতি-মাটি-ভেটিৰ কথা কৈ অহা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰখনে নীৰৱে সমৰ্থন জনোৱাটো অসমীয়া জাতিৰ বাবে দুৰ্ভাগ্যজনক। এই সিদ্ধান্ত শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে বাতিল কৰক অন্যথাই জাতীয় উদ্যোগটোক ৰক্ষা কৰিবৰ বাবে তীব্ৰ গণতান্ত্ৰীক আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠন দুটাই৷
আনহাতে ভাৰত চৰকাৰৰ হাইড্ৰ'কাৰ্বন সঞ্চালকালয়ক এই ষড়যন্ত্ৰ শীঘ্ৰে বাতিল কৰিবলৈ দাবী ডিব্ৰুগড় জিলা মটক ছাত্ৰ সন্থাৰ সভাপতি জিন্টু বৰুৱা, ডিব্ৰুগড় জিলা টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিনাৰাম গগৈ, ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি অজয় কুমাৰ আলে, ডিব্ৰুগড় জিলা বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সভাপতি মানসজ্যোতি বৰুৱা, ডিব্ৰুগড় জিলা চুতীয়া ছাত্ৰ সন্থাৰ উপ-সভাপতি দিপজ্যোতি বৰা, ডিব্ৰুগড় জিলা অদিবাসী ছাত্ৰ সন্থাৰ সহঃ সাধাৰণ সম্পাদক মনোজ ওৰাং, ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল দত্ত আৰু ডিব্ৰুগড় জিলা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক ললিত কুৰ্মীয়ে।
সংঠনকেইটাই অসমৰ সম্পদৰ ওপৰত অসমীয়াক অধিকাৰ দিবলৈ দাবী জনায়৷ বহিৰাগতক গতোৱাৰ সিন্ধান্ত বাতিল নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম বুলি হুংকাৰ দিয়ে জাতীয়-জনগোষ্ঠীয় সংগঠন কেইটাই৷ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপিয়ে কেন্দ্ৰত দায়িত্ব গ্ৰহন কৰাৰ পিছৰে পৰা অসমৰ জাতীয় উদ্যোগ অইল ইণ্ডিয়া লিমিটেডক সম্পূৰ্ণভাৱে অস্তিত্বহীন কৰাৰ বাবে উঠি পৰি লাগিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠনকেইটাই। জাতীয় উদ্যোগটোক ৰক্ষা কৰাৰ ক্ষেত্ৰত দেহত শেষ বিন্দু তেজ থকালৈকে সংগ্ৰাম চলাই নিয়াৰ হুংকাৰ দি শীঘ্ৰে অসমৰ তৈলক্ষেত্ৰ ব্যক্তিগত প্ৰতিষ্ঠানক গতোৱা কাৰ্য বন্ধ নকৰিলে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহন কৰা হ'ব বুলিও কয় সংগঠনকেইটাই।