বিধায়কৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া মটক যুৱ ছাত্ৰৰ

ডিব্ৰুগড়ঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰণৰ কাম শেষ পৰ্যায়ত উপনীত হোৱাৰ সময়ত কেতবোৰ বিৰূপ মন্তব্যৰে বিষয়টোক জটিলতা মাজলৈ ঠেলি দিব বিচৰা দক্ষিন শালমৰা কংগ্ৰেছী বিধায়ক ৱাজেদ অালী চৌধুৰীৰ বিৰূদ্ধে জাঙুৰ খাই উঠিছে মটক যুৱ-ছাত্র পৰিষদ৷

দক্ষিন শালমৰাৰ এখন সভাত ভাষণ প্ৰদান কৰি 'হিন্দু বাংলাদেশী অাৰু মুছলমান একত্রিত হ'লে অসমীয়া অস্তিত্ব নাথাকিব' বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰে ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে সদৌ অসম মটক যুৱ-ছাত্র পৰিষদে৷ পৰিষদৰ সভাপতি যুগল বৰুৱাই এটা বিবৃতি যোগে কয় যে, কংগ্ৰেছী বিধায়কজনে এন অাৰ চি উন্নীতকৰণৰ কামত বিধি-পথালি দিবলৈ ষড়যন্ত্র কৰিব বিছাৰিছে৷ লগতে বৰুৱাই অসমৰ জাতীয় জীৱনৰ স্বপ্ন এনঅাৰচিক লৈ সস্তীয়া ৰাজনীতি নকৰিবলৈ সকিয়াই দিয়ে৷

এজন বিধায়ক হোৱাৰ পাছতো ৱাজেদ অালী চৌধুৰীয়ে ভাষা ব্যৱহাৰ কৰিবলৈ শিকিব নোৱাৰিলে বুলিও তীব্ৰ কটাক্ষ কৰে পৰিষদৰ সভাপতি যুগল বৰুৱাই৷ লগতে অসমৰ যদি অসমৰ ইতিহাস নাজানে, তেন্তে সাম্প্ৰদায়িক মন্তব্য নকৰিবলৈ সকিয়নি প্ৰদান কৰে মটক যুৱ ছাত্ৰ পৰিষদে৷

শংকৰ-অাজানৰ দেশত এনে ধৰণৰ মন্তব্যৰ পৰা বিৰত থকাৰ লগতে বাঘ হাজৰিকাৰ স্মৃতি জীয়াই ৰাখিবলৈ অাহবান জনায় যুগল বৰুৱাই৷