
বাহাকাবাৰীঃ ঈদ গ’ল৷ কিন্তু ঈদৰ পাছতেই উদ্ভৱ হ’ল অন্য এক পৰিস্থিতিৰ৷ নগাওঁ জিলাৰ কঠিয়াতলিৰ ৰেং বেংত ঈদৰ পিছদিনাখনৰ পুৱাই গৰুৰ হাড়, মুৰ, ঠেং আদি বস্তাৰ ভিতৰত উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়৷
CLICK ►Blue Whale গেম LIVE
জানিব পৰা মতে ৰেং বেংৰ এটা মন্দিৰলৈ যোৱাৰ পথত স্থানীয় লোকে দুটা বস্তাৰ ভিতৰত গৰুৰ হাড়, মুৰ, ঠেং আদি প্ৰত্যক্ষ কৰে৷ ঘটনাৰ পাছতেই অঞ্চলটোত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ একাংশ স্থানীয় বাসিন্দাই এয়া দুষ্কৃতিকাৰীৰ অপকৰ্ম বুলিও সন্দেহ প্ৰকাশ কৰিছে।
CLICK ►Blue Whale গেম LIVE

CLICK ►Blue Whale গেম LIVE
ইফালে উত্তেজিত ৰাইজে বস্তা দুটা আতঁৰাব যোৱা আৰক্ষী জোৱানৰ লগত হতাততিত লিপ্ত হৈ পৰে। আনহাতে এয়া দুস্কৃতিকাৰীৰ অপকৰ্ম বুলি অভিহিত কৰি একাংশ ৰাইজে ৰাষ্ট্রীয় ঘাইপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰে৷ শেষান্তৰত ঘটনাস্থলীত নগাঁও জিলাৰ উপায়ুক্ত চমচেৰ সিং উপস্থিত হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে৷