
অভয়াপুৰীঃ আজি এক গোপন সুত্ৰৰ ভিত্তিত যোগীঘোপা আৰক্ষীয়ে অভিযান চলাই ৩১নং(খ) ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ কটাশবাৰী গাঁওত জব্দ কৰে চোৰাং কাঠ কঢ়িওৱা এখন বলেৰ' পিকআপ ভান।
প্ৰাপ্ত তথ্য মতে, AS-19C-9972 নম্বৰৰ পিক আপ ভানখনে আৰক্ষীৰ নিয়মীয়া তালাচীত আৰক্ষীৰ সংকেত নামানি তীব্র বেগত পলাই যোৱাত আৰক্ষীয়ে পিক ভান খন পিছে পিছে খেদি আহি বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপবৰ্তী কটাশবাৰী গাঁৱত উক্ত গাড়ীখন জব্দ কৰে যদিও গাড়ীখনৰ চালকজন পলাই সাৰিবলৈ সক্ষম হয়।
আৰক্ষী য়ে জব্দকৃত গাড়ীখন তালাচী চলাই উক্ত পিক আপ ভান খনে চোৰাংভাৱে কাঠ কঢ়িয়াই লৈ যোৱাটো নিশ্চিত হৈ আই উপত্যকা বন প্ৰাধিকৰণ, বঙাইগাঁও সংমণ্ডলক ঘটনা সন্দৰ্ভত অৱগত কৰাত কেৰখাবাৰী বন সুৰক্ষা বাহিনী ততালিকে ঘটনাস্থলীত উপস্থিত হয়।
বন বিভাগৰ সুত্ৰই জানিবলৈ দিয়ামতে পিক আপ ভানখনে চোৰাং ভাবে কঢ়িয়াই লৈ গৈছিল প্ৰায় ২ লাখ টকাৰ শাল আৰু গামাৰী কাঠ। ইতিমধ্যে বন বিভাগে চোৰাং কাঠ কঢ়িওৱা গাড়ীখন নিজৰ জিম্মালৈ আনে।