
জাজৰিঃ ৰাজ্যত বান পৰিস্থিতিয়ে বিধস্ত ৰূপ ধাৰন কৰাৰ সময়তে শনিবাৰে বটদ্ৰৱাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ দলংঘাট মণ্ডলে সমষ্টিটোৰ বানপীড়িত অঞ্চল চহৰীয়াত ৰাইজৰ মাজত সাহাৰ্য বিতৰণ কৰে৷
দলংঘাট মণ্ডলৰ সভাপতি ৰিপুঞ্জয় শইকীয়াৰ নেতৃত্বৰ সজাতি দলটোৱে চহৰীয়া অঞ্চলৰ ৰাইজক চাউল, দাইল, নিমখ, চেনী, চিৰা আদি খাদ্য সামগ্ৰী বিতৰণ কৰাৰ বস্ত্রও বিতৰণ কৰে।
এই কাৰ্যসূচীত বটদ্ৰৱা সমষ্টি আৰু কলিয়াবৰ জিলা বিজেপি দলৰ কেইবাগৰাকী শীৰ্ষ নেতাই অংশগ্ৰহণ কৰে।