গুৱাহাটী উচ্চ ন্যায়লয়ৰ অধিবক্তা সন্থাৰ বানপীড়িতক সাহায্য প্ৰদান

কলিয়াবৰঃ বানৰ সংহাৰীৰূপত বাদ নপৰিল এইবাৰ কলিয়াবৰ। নগাঁও জিলাৰ ৰক্ষাকৱচ হিচাপে পৰিগণিত হাতীমুৰা মথাউৰি ১৩ আগষ্টৰ নিশা চিঙি যোৱাৰ পাছতেই কাল অমানিশা নামি আহিছিল কলিয়াবৰলৈ। বানৰ ত্ৰাসত ৰুদ্ধ হৈ পৰিছিল কলিয়াবৰৰ স্বাভাৱিক জীৱন-যাপন। সমগ্ৰ কলিয়াবৰতে সংহাৰী বানে যথেষ্ট পৰিমানে ক্ষতিগ্ৰস্ত কৰে। প্ৰতিখন গাঁও বানৰ কৱলত পৰিছিল। বহু ঘৰ-দুৱাৰ পানীৰ তলত ডুবিছিল¸ কৃষিপ্ৰধান কলিয়াবৰীয়াৰ বহু হেক্টৰ কৃষি ভূমি সংহাৰী বানত ডুব গৈছিল। সংহাৰী বানৰ কৱলত পৰা সৰ্বসাধাৰণ ৰাইজে নিজৰ ঘৰ-দুৱাৰ এৰি আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছিল।

বানৰ পিছত চৰকাৰেও যথেষ্ট পৰিমানে বানপানীত ক্ষতিগ্ৰস্তলোকক সহায় কৰিছিল। স্থানীয় বিধায়ক তথা জলসম্পদমন্ত্ৰী কেশৱ মহন্তই যথেষ্ট তৎপৰ হৈ প্ৰতিপল সময়ত ঠিয় দিছিল বানপীড়িতৰ কাষত। বহুকেইটা NGO তথা বেচৰকাৰী প্ৰতিষ্ঠান-অনুষ্ঠানেও বানপীড়িতৰ কাষত আহি বান সাহায্য দি দুখৰ সমভাগী হয়। 

শনিবাৰে গুৱাহাটী উচ্চ ন্যায়লয়ৰ অধিবক্তা সন্থাৰ উদ্যোগত তথা ‘সাৰেগামা সুৰ বাহিনী অসম’ৰ বিষয়ববীয়াৰ লগতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত আৰু কলিয়াবৰ ছাত্ৰ সন্থাৰ উপস্থিতিত কলিয়াবৰৰ বৰভকতি গাঁৱৰ ৰাইজৰ মাজত বান সাহায্য বিতৰণ কৰাৰ লগতে বানপীড়িত ৰাইজৰ পৰিস্থিতিৰ বুজ লয়। দুখৰ সময়ত এওঁলোকৰ এষাৰ মাত পাই স্বাভাৱিকতে অশ্ৰু নিগৰি আহে স্থানীয়লোকৰ। উচ্চ ন্যায়লয়ৰ অধিবক্তা সন্থাৰ এই পদক্ষেপক স্থানীয়লোকে একেমুখে ধন্যবাদ জ্ঞাপন কৰে। 

আনহাতে আজি একেদিনাই গুৱাহাটীৰ প্ৰতিষ্ঠিত NGO পথিকৰ উদ্যোগতো তেওঁলোকে নিজাববীয়াকৈ কলিয়াবৰৰ পোৰাভেটিৰ লগতে বৰভকতি গাঁৱতো বান সাহায্য বিতৰন কৰাৰ লগতে বানপিড়িত ৰাইজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বিনামূলীয়া স্বাস্থ্য শিৱিৰৰ যোগেদি চিকিৎসা সেৱা প্ৰদান কৰে।