নলবাৰীৰ অসম ভেলীৰ সাংস্কৃতিক শোভাযাত্ৰা

নলবাৰীঃ নলবাৰীৰ ব্যক্তিগত শিক্ষাৰ আগশাৰীৰ শিক্ষানুষ্ঠান অসম ভেলী একাডেমী জুনিয়ৰ কলেজৰ নবাগত আদৰণি সভা আৰু উৎকৰ্ষ বটাঁ ২০১৭ৰ লগত সংগতি ৰাখি এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়৷

এই সাংস্কৃতিক শোভাযাত্ৰাত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া কৃষ্টি আৰু সংস্কৃতিক বৰ্ণিল ভাৱে উপস্থাপন কৰে৷ উক্ত অনুষ্ঠানতো শুভ উদ্বোধন কৰে এম এন চি মহাবিদ্যালয়ৰ অধ্যক্ষ কৃষ্ণ চন্দ্ৰ গৌড়ে।

শুকুৰবাৰে মহাবিদ্যালয়খনত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত অংশগ্ৰহণ কৰিব অসমৰ জনপ্ৰিয় কন্ঠশিল্পী বাবুৱে।