মঙলদৈত জয়ন্ত হাজৰিকাক স্মৰণ

মঙলদৈঃ হাতত গীটাৰ লৈ ৰাণা দাক স্মৰণ কৰিলে মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে৷

আজি আধুনিক সংগীতৰ বাটকটীয়া জয়ন্ত হাজৰিকাৰ ৪০ তম মৃত্যু বাৰ্ষিকী উপলক্ষে মঙলদৈৰ নৱ নিৰ্মিত জয়ন্ত হাজৰিকা উদ্যানত এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷

অনুষ্ঠান খনত বহু ন-পূৰনি শিল্পী উপস্থিত থাকি ৰাণা দাক স্মৰণ কৰাৰ লগতে তেখেতৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰে৷ ৰাণা দাৰ গীতৰ সুৰে আজি মঙলদৈৰ সন্ধিয়াটো মুখৰিত কৰে৷