
খাৰুপেটীয়াঃ ৰদ-বৰষুণ কাটি কৰি দিনৰ দিনটো সংবাদ সংগ্ৰহত ব্যস্ত থাকে একো একোগৰাকী সাংবাদিক৷ সাংবাদিকসকলে নিজৰ জীৱন-যৌৱন সমস্ত শেষ কৰি পেলাই বাতৰিৰ পিছে পিছে দৌৰি৷ নিজৰ পৰিয়ালটোকে সময় দিব নোৱাৰা সাংবাদিকে সমাজৰ মাজতেই নিজক বিলীন কৰি দিয়ে৷ পুৱাৰে পৰা নিশালৈ ব্যস্ত হৈ থকা সাংবাদিকে সময় মতে খাবলৈ, শুবলৈ নাপায়৷

সমাজৰ স্বাৰ্থত, সমাজৰ সচা প্ৰতিচ্ছবি দাঙি ধৰিবলৈ অহৰহ প্ৰেচেষ্টা কৰি যায়৷ সমাজৰ বিভিন্ন স্তৰৰ দুৰ্নীতি, ভ্ৰষ্টচাৰ, সফলতা, বিফলতা, ইতিহাস, প্ৰকৃতিৰ কথা দাঙি ধৰে সাংবাদিকসকল৷ সমাজৰ প্ৰতিটো স্তৰৰ মিঠা-কেহা স্মৃতি সজীৱ হৈ থকা তেওলোকৰ জীৱন পৰিক্ৰমা৷ কিন্তু ইমান কষ্ট কৰি সাংবাদিকসকলে পায় কি? সমাজৰ ছবি দাঙি ধৰিবলৈ চেষ্টা কৰা সাংবাদিকৰ জীৱনৰ প্ৰকৃত ছবি খন পোহৰলৈ নহাকৈয়ে ৰৈ যায়৷
এসাজ ভাত খাবলৈ কেতিয়াবা হাহাকাৰ কৰিব লগা সাংবাদিক এই খন সমাজত আছে৷ নিজৰ পৰিয়ালটো, সন্তনকেইটাৰ সাধাৰণ প্ৰয়োজনো পূৰণ কৰিব নোৱাৰা সংবাদিক বহু পোৱা যায় অসমত৷ চাইকেল চলাই ঘুৰি ফুৰি বাতৰি সংগ্ৰহ কৰি গধুলি বজাৰ কৰিব নোৱাৰি খালি হাতে ঘৰলৈ যোৱা সাংবাদিকো নথকা নহয়৷ গ্ৰাম্যঞ্চলৰ প্ৰতিগৰাকী সাংবাদিক এনে অভিজ্ঞতাৰে পুষ্ট৷
বহু সাংবাদিকে চিকিৎসাৰ খৰচ বহন কৰিব নোৱাৰি অকালতে মৃত্যুক আকোৱালি লব লগা হয়৷ ৰোগত আক্ৰান্ত হলে, তথা বৃদ্ধ অৱস্থাত হাহাকাৰ কৰিব লগা হয় সাংবাদিকসকলে৷ জীৱনৰ কোনো সুৰক্ষা নথকা সাংবাদিকে কেৱল যন্ত্ৰণাৰ মাজেৰে জীয়াই থাকিব লগা হয়৷ তাৰ মাজতে, দৰং জিলাৰ খাৰুপেটীয়াৰ সাংবাদিক তথা খাৰুপেটীয়া প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি মংগল সিং ঝাঝৰীয়ে ৰোগত আক্ৰান্ত হৈ বিছনাত সময় অতিবাহিত কৰিব লগা হৈছে৷
দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ সুদীৰ্ঘ ৭ বছৰ ধৰি শয্যাগত হৈ আছে সাংবাদিকগৰাকী। উল্লেখ্য যে, ২০১০ চনতেই মুখ গহ্বৰত দেখা দিয়া এইবিধ জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটী, দিল্লী, মুম্বাই আৰু চেন্নাইকে আদি কৰি বিভিন্ন ঠাইৰ চিকিৎসালয়ত গৈ চিকিৎসা গ্ৰহণ কৰি কোনো সুফল নাপাই শয্যাশায়ী হৈ থাকিব লগা হৈছে সাংবাদিক ঝাঝৰীয়ে। এই ৰোগত আক্ৰান্ত হোৱাৰ পিছৰে পৰা সুদীৰ্ঘ ৭ বছৰ কাল নাকত পাইপ লগাই কেৱল ফল-মূলৰ ৰস পান কৰিয়েই জীৱন নিৰ্বাহ কৰিব লগা হৈছে সাংবাদিকগৰাকীয়ে।
চাৰিবাৰকৈ অস্ত্ৰোপচাৰ কৰিও আৰোগ্য নোহোৱা জ্যেষ্ঠ সাংবাদিক মংগল সিং ঝাঝৰীয়ে শাৰীৰিক ভাৱে যথেষ্ট দূৰ্বল হ’লেও মনোবল এতিয়াও দৃঢ় হৈয়ে আছে বুলি জানিবলৈ দিয়ে। ১৯৬৩ চনৰ ২৩ জুলাইত জন্ম লাভ কৰা সাংবাদিক মংগলে বিবাহপাশত আৱদ্ধ হোৱা নাই। সৰুতেই মাতৃহাৰা হৈ পিতৃৰ ছত্ৰ-ছায়াতেই লালিত পালিত হোৱা মাৰোৱাৰী সম্প্ৰদায়ৰ এইগৰাকী ৫৪ বছৰীয়া সাংবাদিককে অসমীয়া মাধ্যমতে শিক্ষা লাভ কৰিছিল।
খাৰুপেটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা দিনতেই তেওঁ সাংবাদিকতাৰ প্ৰতি অাকৃষ্ট হোৱা বুলি জানিবলৈ দিয়ে। খাৰুপেটীয়াৰ মহাবীৰ ৰোডস্থিত বাসভৱনত পিতৃ, দুই ভাতৃৰ সৈতে বসবাস কৰা সাংবাদিক মংগল সিং ঝাঝৰী মাৰোৱাৰী সম্প্ৰদায়ৰ বাবে আদৰ্শ স্বৰূপ।
অসম সাহিত্য সভাৰ আজীৱন সদস্য, অসম বাৰ্তাজীৱী সংঘৰ দৰং জিলা সমিতিৰ উপদেষ্টা, আসাম প্ৰেছ কৰেচপণ্ডেচ ইউনিয়ন আপকুৰ প্ৰাক্তন বিষয়-ববীয়া হিচাপে কাৰ্য নিৰ্বাহ কৰি অহা এইজন সাংবাদিকে অতি দূৰ্গম এলেকাত বাতৰি সংগ্ৰহ কৰি যথেষ্ঠ সাহসিকতাৰ পৰিচয় দাঙি ধৰিছিল। খাৰুপেটীয়াৰ স্থানীয় সংবাদাতা হিচাপে ১৯৮২ চনৰ পৰা হিন্দী ভাষাৰ জাগৃতি পষেকীয়া, অগ্ৰদূত, সাপ্তাহিক মংগল বাতৰি, নতুন প্ৰৱাহ, দৈনিক জনসাধাৰণ আদি কাকতত সংবাদ সেৱা কৰিছে সাংবাদিকগৰাকীয়ে৷ ৰোগত আক্ৰান্ত হৈয়ো পূৰ্বাচল নামৰ হিন্দী পত্ৰিকাত আজিও নিয়োজিত হৈ আছে।
বৰ্তমান কলম ধৰিবলৈ অক্ষম এইজন সাংবাদিকে কংগ্ৰেছৰ আমোলতে জনসংযোগ বিভাগ আৰু মঙলদৈৰ সাংসদ ৰমেন ডেকাই আৰ্থিক সাহায্য আগবঢ়াইছিল বুলি জানিবলৈ দিয়ে। কৰ্কট ৰোগৰ চিকিৎসা ব্যয়বহুল হোৱাৰ বাবে অৰ্থৰ অভাৱত দিকবিদিক হেৰুৱাই পেলাইছে সাবাদিকজনে৷ মনৰ সাহস আৰু ধৈৰ্যৰ বলত বৰ্তমানেও কাৰ্যক্ষম হৈ থকা এই সাংবাদিৰগৰাকীৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক সাহায্য আগবঢ়াবলৈ অসম চৰকাৰৰ ওচৰত খাৰুপেটীয়াৰ সাংবাদিক মহলে অনুৰোধ জনাইছে৷