
ৰঙিয়াঃ এক শোকাকুল পৰিবেশৰ মাজেৰে সাংবাদিক পুলিন বৈশ্যৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। যোৱা দূৰ্গাপূজাৰ নৱমীৰ দিনা ৰঙিয়া মহকুমাৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ দলমা গেটত এক পথ দুৰ্ঘটনাত পতিত হৈছিল সাংবাদিক বৈশ্য৷ দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হোৱাত সাংবাদিকগৰাকীক আমিন গাঁওস্থিত নাৰায়ণা হাস্পাতালত ভৰ্তি কৰা হৈছিল। তাৰ পাছতেই বুধবাৰে স্বাস্থ্যৰ অধিক অৱনতি ঘটি সাংবাদিক গৰাকীয়ে মৃত্যুক সাৱতি লয়।
আজি দিনৰ এক বজাত তেওঁৰ মৃতদেহ প্ৰথমে বাইহাটা চৰিআলি প্ৰেছ ক্লাব আৰু অগপ ৰঙিয়া জিলা সমিতিৰ কাৰ্যালয়লৈ অনাৰ পিছত বিভিন্ন দল-সংগঠনে সাংবাদিকগৰাকীৰ নশ্বৰ দেহত অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে। পিছত প্ৰয়াত সাংবাদিক জনৰ নশ্বৰ দেহ নিজ মদাৰতোলা গাঁৱৰ নিজ গৃহলৈ লৈ যোৱা হয়।
সংবাদিক গৰাকীৰ নশ্বৰ দেহ নিজ গৃহলৈ অনাৰ পাছতে উপস্থিত অসংখ্য গুনমুগ্ধৰ মাজত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷ ইফালে প্ৰয়াত পুলিন বৈশ্যই মৃত্যুৰ সময়ত পত্নীৰ লগতে চয় বছৰীয়া এটি কন্যা সন্তান, দেৰ বছৰীয়া এটি পুত্ৰ সন্থান ইহঃ সংখাৰত এৰি থৈ যায়।