চামগুৰিত গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি, অনুষ্ঠিত হ’ব প্ৰীতি ক্ৰিকেট খেল

চামগুৰিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ চামগুৰিৰ বাজিয়াগাঁৱত গণৰাজ্য দিৱস পালনৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ বাজিয়াগাঁও উন্নয়ন খণ্ডৰ উদ্যোগত তথা চামগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কাৰ্যালয় আৰু সংযুক্ত সাংবাদিক সন্থাৰ সহযোগত ৬৯ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷

জানিব পৰা মতে, অহা ২৬ জানুৱাৰীত বাজিয়াগাঁও উন্নয়ন খণ্ডৰ কাৰ্যালয় আৰু চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত পৃথকে-পৃথকে পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছতে লঘু অহাৰ বিতৰণ কৰিব৷ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে অংশগ্ৰহণ কৰিব পৰা "স্মৃতিৰ সঁফুৰা খুলি" শীৰ্ষক এক মুকলি অন্তৰঙ্গ অনুষ্ঠানত৷

অন্তৰঙ্গ অনুষ্ঠানত বাজিয়াগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত মুঠ ১২টা পঞ্চায়তৰ জ্যেষ্ঠ নাগৰিক, শিল্পী, সাহিত্যিক,  ক্ৰীড়াবিদকে প্ৰমুখ্যে কৰি সকলো ক্ষেত্ৰৰ সৈতে জড়িত লোকে অংশগ্ৰহণ কৰিব বুলি খণ্ড উন্নয়ন বিষয়া হিৰণ্য কুমাৰ চমুৱাই জানিবলৈ দিয়ে৷

দুপৰীয়া ১১-৩০ বজাত বাজিয়াগাঁৱৰ নুৰুল হুছেইন ফুটবল একাডেমীৰ খেলপথাৰত গণতন্ত্ৰৰ দুই স্তম্ভ কাৰ্যপালিকা আৰু সংবাদ-মাধ্যমৰ মাজত প্ৰীতি টুৱেন্টি-২০ ক্ৰিকেট খেল অনুষ্ঠিত হ’ব৷ বাজিয়াগাঁও উন্নয়ন খণ্ডৰ বিষয়া-কৰ্মচাৰী, চামগুৰি ৰাজহ চক্ৰৰ বিষয়া-কৰ্মচাৰী আৰু সংযুক্ত সাংবাদিক সন্থা চামগুৰি চমুকৈ উকাচৰ সদস্যসকলে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷ প্ৰীতি টুৱেন্টি-২০ ক্ৰিকেট খেলখন জিলা উপায়ুক্ত চমছেৰ সিঙে উদ্বোধন কৰিব৷