ৰাজ্যত কটকটীয়া নিৰাপত্তা ব্যৱস্থা, হোজাই প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি

হোজাই/মোৰাঝাৰঃ  অসমৰ বিভিন্ন ঠাইত গণৰাজ্য দিৱস পালনৰ প্ৰস্তুতি চলাই থকাৰ প্ৰাকক্ষণত ৰাজ্যত সংঘটিত হ’ব পৰা কুটাঘাতমূলক কাৰ্য তথা শান্তি শৃংখলা বিঘ্নিত হোৱাৰ  আশংকা কৰি কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে ৷ গুৱাহাটী মহানগৰকে ধৰি বিভিন্ন জিলাত আৰক্ষী সস্তম হৈ পৰিছে। নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি ঠায়ে ঠায়ে আৰক্ষীয়ে তালাচী চলোৱা পৰিলক্ষিত হৈছে ।

গণৰাজ্য দিৱস উপলক্ষে শান্তি শৃংখলা বৰ্তাই ৰখাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন জিলা প্ৰশাসনে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ মঙলবাৰৰ পৰা ভাৰতীয় ফৌজদাৰী কাৰ্যবিধিৰ অধীনত সমগ্ৰ ৰাজ্যতে ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে৷

উজনি-নামনিৰ বিভিন্ন জিলাৰ লগতে হোজাই জিলা প্ৰশাসনেওএইচ জে এল এল ১/৯৯/৪২০ নং নিৰ্দেশ যোগে ধৰ্মীয় অনুষ্ঠানৰ বাহিৰে পাঁচ জন বা ততোধিক লোকৰ ৰাজহুৱা স্থানত গোট খোৱা, মাৰাত্মক অস্ত্ৰ-শস্ত্ৰ, লাঠী জোং লৈ ফুৰা,প্ৰশাসনৰ অনুমতি অবিহনে ৰাজহুৱা স্থানত সভা সমিতি, ৰেলী, যি কোনোধৰনৰ সমদল,ধৰ্মঘট আদি উলিওৱা,ৰাজহুৱা বাট পথ আৰু ৰাষ্ট্ৰীয় ঘাইপথত যানবাহন চলাচল আৰু যাতায়তৰ ক্ষেত্ৰত ব্যাঘাত জন্মোৱা আৰু অনুমতিবিহীনভাৱে দূৰভাষ যন্ত্ৰ বজোৱা,আপত্তিজনক প্ৰচাৰ পত্ৰিকা,বেনাৰ আদি লগোৱা নিষিদ্ধ কৰিছে৷

ইয়াৰ উপৰিও বলপূৰ্বকভাৱে দান-বৰঙনি আদায় কৰা,প্ৰৰোচনামূলক ধ্বনি বা শ্লোগান দিয়া,দুচকীয়া যান বাহনত দুজন আৰোহী উঠোৱা নিষিদ্ধ কৰিছে৷ অৱশ্যে শিশু, মহিলা,শাৰিৰীকভাৱে অক্ষম আৰু ৰোগীৰ ক্ষেত্ৰত শিথিল কৰা হৈছে৷ লগতে কোনো ধৰনৰ আপত্তিজনক ফটকা,আতচবাজী আদি ফুটুৱা নিষিদ্ধ কৰিছে৷ চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত কলা ৰঙৰ গ্লাছ,চহৰাঞ্চলত সকলো ধৰনৰ বাহনত উচ্চস্বৰৰ হৰ্ণ বজোৱাৰ লগতে তীব্ৰ ৰশ্মিযুক্ত লাইট ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে৷

এই ধাৰাৰ অধীনত ব্যৱসায় ক্ৰয়-বিক্ৰয় স্থান, খেলপথাৰ, চিনেমা হল, শিক্ষানুষ্ঠান, স্থায়ী মনোৰঞ্জনৰ ঠাই, ৰেলৱে আৰু বাছ আস্থানসমূহ, বিবাহ অনুষ্ঠানৰ উপৰিও কৰ্তব্যৰত আৰক্ষী, অৰ্ধ সামৰিক বাহিনী, দণ্ডাধীশ, ন্যায়াধীশ আৰু চৰকাৰী কৰ্তব্যত নিয়োজিত কৰ্মচাৰীসকলক শিথিল কৰা হৈছে৷

পৰবৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই আদেশ বলবৎ থাকিব ৷ এই আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷  ইফালে আগন্তুক গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি উগ্ৰপন্থীয়ে যাতে কোনো কুটাঘাট সংঘটিত কৰিব নোৱাৰে তাৰ বাবে নিৰাপত্তাৰ দিশটোৰ প্ৰতি চোকা দৃষ্টি ৰাখিছে আৰক্ষী প্ৰশাসনে ৷