কামৰূপ জিলাৰ বিভিন্ন ঠাইত ৬৯ সংখ্যক গণৰাজ্য দিৱস উদযাপন

কামৰূপঃ সমগ্ৰ দেশৰ লগতে অসমৰ কামৰূপ (গ্ৰাম্য) জিলাত ব্যাপক উৎসাহ-উদ্দীপনাৰে পালন কৰিলে ৬৯ সংখ্যক গণৰাজ্য দিৱস ৷অসমৰ আৰক্ষী প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ আৱেষ্টনীৰ মাজত ঘৰৰ পৰা নাগৰিকসকল ওলাই আহি পালন কৰে গণৰাজ্য দিৱস৷

কামৰূপ (গ্ৰাম্য) জিলাৰ নগৰবেৰা , মন্দিৰা, হেকৰা, ভখুৰাদিয়া, টুপামাৰী, ৰাঙ্গাপানী, বদলা আদি অঞ্চলত সমাজতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ, সংহতি আৰু সকলো নাগৰিকৰ মাজত ভাতৃত্ববোধ জন্মাবৰ বাবে কাৰ্যকৰী হোৱা সংবিধানখনৰ আজিৰ দিনটোক স্মৰণ কৰাৰ লগতে বীৰ শ্বহীদসকলক সুঁৱৰি নিৰ্ভয়ে পালন কৰা হয় ‘গণৰাজ্য দিৱস’ ৷

উল্লেখ্য যে,গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি কামৰূপ(গ্ৰাম্য) জিলাৰ বহু অঞ্চলত কিশোৰ-কিশোৰী, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বাৰেৰহনীয়া খেল ধেমালি, প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷