ওদালগুৰি গণতন্ত্ৰ দিৱস উদযাপন

ওদালগুৰিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাতো উলহ-মালহেৰে গণতন্ত্ৰ দিৱস উদযাপন কৰা হয়৷ জিলা খনৰ উপায়ুক্ত দিলীপ কুমাৰ দাসে পুৱা ৯ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছতেই আৰক্ষী, অৰ্ধসামৰিক বাহিনী, এনচিচি কেডেট, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, ছাত্ৰ-ছাত্ৰীৰ পেৰেড তথা অভিবাদন গ্ৰহণ কৰে৷

উপায়ুক্ত পেৰেড গ্ৰাউণ্ডত ৬৯ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি ৰাইজক উদ্দেশ্যে দিয়া ভাষণত চৰকাৰৰ বিভিন্ন উন্নয়ন মুলক আঁচনিৰ লগতে অনাগত দিনত চৰকাৰে গ্ৰহণ কৰিবলগীয়া আঁচনিৰ বিষয়ে ভাষণত উপস্থিত ৰাইজক অৱগত কৰে৷ ১০ বজাত আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, বিশেষ সংৰক্ষিত বাহিনীৰ লগতে স্থানীয় বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পেৰেডত অংশ গ্ৰহণ কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে৷