অনুসূচিত জাতি যুৱ পৰিষদৰ সভাপতিক বহিষ্কাৰ

নগাঁওঃ অনুসূচিত জাতি যুৱ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি বিষ্ণু হাজৰিকাক তৎকালে কাৰ্যকৰী হোৱাকৈ সংগঠনৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা বুলি এক বিবৃতি যোগে সংগঠনটোৱে সংবাদমাধ্যমক জানিবলৈ দিয়ে৷

৷ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাস আৰু সম্পাদক সঞ্জীৱ দাসে যোৱা ৮ ছেপ্টেম্বৰত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত অনুসৰি নগাঁও জিলা সমিতিৰ সভাপতি বিষ্ণু হাজৰিকাক বহিস্কাৰৰ সিন্ধান্ত লোৱা বুলি উল্লেখ কৰেবিবৃতি৷

বিত্তীয় খেলিমেলি আৰু বান সাহায্য আত্মসাৎ কৰাৰ অভিযোগত তথা সংগঠনৰ সাংবিধান অৱমাননা কৰাৰ বাবে সংগঠনৰ প্ৰাথমিক সদস্য পদৰ পৰা বিষ্ণু হাজৰিকাক বহিষ্কাৰ কৰে সংগঠনটোৱে৷