
newsnextone.com | চতিয়াঃ ৰাজ্যৰ অন্যতম ব্যৰ্থ বিভাগটোৱে হৈছে বন বিভাগ৷ বন মন্ত্ৰীয়ে চমক সৃষ্টিৰ বাবে ন’ ন’ কথা কয় যদিও সকলো ফুটুকৰা ফেনত পৰিণত হয়৷ ব্যৰ্থ বন বিভাগটোৰ বাবেই পুনৰ চোৰাং চিকাৰীয়ে এটি গঁড় হত্যা কৰি কাটি লৈ নিয়ে খৰ্গ৷ বন বিভাগৰ চৰম ব্যৰ্থতাৰ বাবে এতিয়া ৰাজ্যত প্ৰতিদিনে গঁড় হত্যা, হাতীয়ে অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে৷ কাজিৰঙাৰ ষষ্ঠ সংযোজনত গঁড় হত্যা কৰি চোৰাং চিকাৰীয়ে খৰ্গ কাটি নিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
বিশ্বনাথ জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনত শনিবাৰে চিকাৰীয়ে বহু দিন পূৰ্বে হত্যা কৰা এটা খৰ্গ বিহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ শিলডুবী এলেকাত উদ্ধাৰ হয় গঁড়টো৷ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জনোৱা মতে, গঁড়টোৰ দেহত কেইবাটাও গুলীৰ চিন থকাৰ লগতে চোৰাংচিকাৰীয়ে খৰ্গটো লৈ যায়৷
চৰকাৰ সলনি হ’ল বন মন্ত্রী সলনি হ’ল কিন্তু গড়ঁ হত্যা ৰোধ নহ’ল৷ শনিবাৰে কাজিৰঙা ষষ্ঠ সংযোজনৰ শিলডুবি বন নিৰিক্ষণ কেন্দ্ৰৰ পৰা ৬ কিঃ মিঃ নিলগৰ হাৰেগাড়ী কাঠনিত উদ্ধাৰ হোৱা গঁড়টো সন্দৰ্ভত কাজিৰঙা নৰ্দান ৰেঞ্জৰ বন বিষয়াই প্ৰকাশ কৰা মতে ২৯ মে’ৰ নিশা ৫-৫৫ মিনিটত জংঘলৰ মাজত শুনিছিল গুলীৰ শব্দ।
দাতিকাষৰীয়া গাঁৱৰ ৰাইজে গুলীৰ শব্দ শুনি জনাইছিল বন বিভাগক৷ গুলীৰ শব্দ শুনাৰ খবৰ লাভ কৰাৰ পিছতে বন কৰ্মীয়ে অভিযান চলাইছিল যদিও চোৰাং চিকাৰীৰ সম্ভেদ নাপালে। উদ্ধাৰ নহ’ল গঁড়ৰ মৃতদেহ। ১২ দিনৰ পাছত ঘন জংঘল শনিবাৰে বন কৰ্মীয়ে উদ্ধাৰ কৰে উৱলি যোৱা খৰ্গ বিহীন গঁড়ৰ মৃতদেহ। গড়ঁটোৰ মৃতদেহৰ কাষত উদ্ধাৰ হয় এটা খালি কাৰ্টিজ। গঁড়টোৰ মৰোণোত্তৰ পৰীক্ষা কৰে কাজিৰঙাৰ পৰা অহা পশু চিকিৎসকৰ দলে। স্বাভাৱিকতে প্ৰশ্ন হয় গঁড় হত্যা হোৱাৰ ১২ দিনৰ পিছতো খবৰ নোপোৱা বন বিভাগৰ হাতত কেনেদৰে সুৰক্ষি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷
চৰকাৰ খনৰ প্ৰায় ২৪ মাহ পাৰ হ’ল যদিও ৰাজ্য চৰকাৰে বনজ সম্পদ ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ বনজ সম্পদ ৰক্ষা কৰাটো দূৰৰ কথা আজিও কাজিৰঙাৰ গঁড় আৰু ৰাজ্যৰ বিভিন্ন ঠাইত হাতীৰ মৃত্যু হৈ আছে৷ চোৰাং চিকাৰীয়ে বন বিভাগৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৰাজ্যত৷
আনহাতে তৰুণ গগৈৰ চৰকাৰৰ কালত কাজিৰঙাত নতুবা আন ঠাইত গঁড, হাতীৰ হত্যা হলে প্ৰতিক্ৰিয়া-প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই যোৱা আহিছিল যদিও শেহতীয়াকৈ বন বিভাগ তথা ৰাজ্য চৰকাৰৰ গাফিলতিৰ বাবে প্ৰতিদিনে হাতী-গঁড়ৰ মৃত্যু হৈ আছে যদিও ধৰোতা কোনো নাই, মাত দিওঁতা কোনাে নাই৷ একাংশ লোকে ৰাজ্য খনৰ জাতীয়-জনগোষ্ঠীয় সংগঠন সমূহ কিয় নিমাত তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে৷