
কাজিৰঙাঃ ৰাজ্যৰ কেইবা ঠাইত বনৰীয়া হাতীৰ মৃত্যু হৈ অহাৰ সময়তে এইবাৰ ৰাজ্যত গঁড় হত্যাৰ ঘটনা সংঘটিত হৈছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে গঁড় হত্যাৰ ঘটনা৷
পুনৰ গড় হত্যা হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বৃহস্পতিবাৰে নিশা বুঢ়াপাহাৰ বনাঞ্চলৰ টুনিকাটি বনশিবিৰ এলেকাত বন বিভাগে উদ্ধাৰ কৰে খৰ্গ বিহীন গঁড়টো৷ চোৰাং চিকাৰীয়ে হত্যা কৰি গড়টোৰ খৰ্গ কাটি নিয়ে৷ নিশা প্ৰায় ১০ বজাত হত্যা কৰি খৰ্গ কাটি লৈ যোৱাৰ সন্দেহ কৰা হয়।
গঁড় হত্যা কৰি খৰ্গ নিয়াৰ পিছত সাৰ পাই আৰক্ষী আৰু বনবিভাগে৷ আৰক্ষী আৰু বনবিভাগে তীব্ৰ অভিযান অব্যাহত ৰাখিছে চোৰাং চিকাৰীক আটক কৰিবৰ বাবে৷