থিয় হৈ আছে চোৰাং চিকাৰী সমীপত বোকা-পানীত পৰি ৰৈছে প্ৰকাণ্ড গঁড়

কাজিৰঙাঃ কৰবাত ৰংঘৰ, কৰবাত বিশ্ব বাণিজ্য কেন্দ্ৰ, কৰবাত বাছ গাড়ী, আকৌ আন কৰবাত অসম গৌৰৱ গঁড় ধৰাশয়ী হৈ পৰি আছে৷ অসমৰ পথাৰত এতিয়া বিভিন্ন আৰ্হিৰ ভেলাঘৰ৷ বিভিন্ন প্ৰতীকি উপস্থাপনেৰে বাৰ্তা দিব বিছাৰিছে বিভিন্ন সমাজে৷ নগাঁঁও জিলাৰ চাপানালাত বিশ্ব বাণিজ্য কেন্দ্ৰক বিমানেৰে আক্ৰমণৰ দৃশ্যক আৰ্হি হিচাপে লৈ সজোৱা ভেলাঘৰে সকলোকে আকৰ্ষিত কৰাৰ পিছতে এইবাৰ কাজিৰঙাৰ সাজি উলিয়াইছে মাটিত বাগৰি থকা এটা প্ৰকাণ্ড গঁড়৷

চোৰাং চিকাৰীয়ে  গঁড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ দৃশ্যক উপস্থাপন কৰিছে কাজিৰঙাবাসীয়ে৷ ইতিমধ্যে এই দৃশ্য চাবলৈ মানুহে ভিৰ কৰা দেখা যায়৷ গঁড় হত্যা ৰোধ কৰিবৰ বাবে মাঘ বিহুৰ সময়তে বাৰ্তা দিয়ে কাজিৰঙাবাসীয়ে৷ গাঁৱে-ভূঞে এতিয়া মাঘ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। গাঁৱৰ পুৰুষ-মহিলা, যুৱক-যুৱতী সকলো এতিয়া ব্যস্ত গাঁৱৰ পথাৰত৷ সকলোৱে যেন ব্যস্ত ভেলাঘৰ সজোৱাত। পিছ পৰি থকা নাই গোলাগাট জিলাৰ কাজিৰঙা অঞ্চলো৷ কাজিৰঙা অঞ্চলৰ ৰাইজে মাঘবিহু উপলক্ষে সাজি উলিয়াইছে গঁড় হত্যাৰ বেদনাদায়ক আৰ্হিৰ ভেলাঘৰ।

গাঁৱৰ সকলো লোক মিলি প্ৰায় এমাহ ধৰি ব্যস্ত থাকি সাজি উলিয়াই ভেলাঘৰটো৷ ভোগৰ উৎসৱক লৈ ৰাজ্যত ব্যাপক প্ৰস্তুতি। মাঘ বিহু উপলক্ষে কাজিৰঙা বিহু সন্মিলনে বৃহত্তৰ কাজিৰঙাবাসী ৰাইজৰ সহযোগত সাজি উলিওৱা বিশেষ ভেলাঘৰটো৷ আনহাতে, কাজিৰঙা বিহু সন্মিলনৰ উদ্যোগত কাজিৰঙাবাসী ৰাইজৰ সহযোগত কাজিৰঙাত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে ভোগৰ উৎসৱ৷ সম্পূৰ্ণ অসমীয়া পৰম্পৰাৰে ১৩ জানুৱাৰীৰ পুৱাৰে পৰা আৰম্ভ হ’ব ভোগৰ উৎসৱৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হ’ব ভেলাঘৰটো৷

কাজিৰঙাত ৭০ ফুট দৈৰ্ঘ্য আৰু ১৪ ফুট ওখ এটি গঁড়টোৰ আধা অংশ সোমাই আছে বোকা-পানীত ৷ কিন্তু গঁড়টোৰ নিচেই কাষতেই আছে এটি সক্ৰিয় গঁড় চিকাৰী৷ মাঘৰ বিহুৰ মেজি জুয়ে যেনেকৈ অপায়-অসূয়া নাশ কৰে বুলি যি জনবিশ্বাস আছে সেই বিশ্বাস অক্ষুন্ন ৰাখিবলৈ চেষ্টা কাজিৰঙাৰ ডেকাৰ৷ এইবাৰ কাজিৰঙাৰ মেজি জুইয়ে দহন কৰিব কাজিৰঙা বিনাশকাৰী চোৰাং চিকাৰীক৷ ইপিনে পহিলা জানুৱাৰীৰ পৰা উদুলি মুদুলি হৈ পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷

কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যপালৰ পৰা আৰম্ভ কৰি সকলোৱে ঢাপলি মেলিছে কাজিৰঙালৈ৷ জীপ, হাতী ছাফাৰী কৰিবলৈ ব্যাপক ভীৰ লগাৰ লগতে মানুহৰ সমাগমত প্ৰাণ পাই উঠিছে কাজিৰঙা৷ পৰ্যটকৰ উখল-মাখল পৰিৱেশ৷ বনভোজ দলৰ উপস্থিতিত উদুলি-মুদুলি কাজিৰঙাৰ হাতী পাঠৰ৷ কাৰ্বি পাহাৰৰ নামনিৰ বিনন্দীয়া পৰিবেশত ডেকা-গাভৰু, পুৰুষ-মহিলাই এসাজ খাবৰ বাবে সমবেত হৈছে৷ ব্যস্তৰ পৰা আতৰি এজিনৰ প্ৰকৃতিৰ সৈতে একাত্ম হৈ গাইছে সকলোৱে জীৱনৰ গান৷