হাতী-গঁড় মৰিলে এতিয়া প্ৰতিবাদ নহয় কিয়? বিহালীত গঁড় হত্যা, লংকাত ৪ হাতীৰ মৃত্যু

বিহালীঃ অগপ, বিজেপি বিপিএফৰ মিত্ৰজোঁটে ২ বছৰ পূৰ্বে বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল৷ বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ভোট লৈ চৰকাৰ গঠন কৰে৷ কিন্তু মিত্ৰজোঁটৰ চৰকাৰ খনৰ বনজ সম্পদৰ ৰক্ষাৰ প্ৰতিশ্ৰুতি যেন প্ৰতিশ্ৰুতি হৈ থাকিল৷ চৰকাৰ খনৰ প্ৰায় ২৩ মাহ পাৰ হ’ল যদিও ৰাজ্য চৰকাৰে বনজ সম্পদ ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ বনজ সম্পদ ৰক্ষা কৰাটো দূৰৰ কথা আজিও কাজিৰঙাৰ গঁড় আৰু ৰাজ্যৰ বিভিন্ন ঠাইত হাতীৰ মৃত্যু হৈ আছে৷

ৰাজ্যৰ বিভিন্ন ঠাইত সেউজীয়া পাহাৰ কাটি আজিও বন ধ্বংস কৰি আহিছে একাংশ লোকে৷ নৈৰ বুকু উদং কৰি অবাধ হাৰত খনন কৰিছে বালি আৰু শিলৰ বাবে৷ য’তে ত’তে গঢ়ি উঠিছে বালিৰ অবৈধ মহল। একাংশ ৰাজনৈতিক দলৰ নেতাৰ ছত্ৰছায়াত বালি মাফিয়াই নৈৰ বুকু খান্দি ট্ৰাকে ট্ৰাকে বালি সৰবৰাহ কৰি আহিছে৷ তাৰ মাজতে, শনিবাৰে নিশা হোজাইৰ লংকাৰ হাৱাইপুৰত বন বিভাগৰ গাফিলতিৰ বাবে ৰেলৰ খুন্দাত ৪টা হাতীৰ মৃত্যু হোৱাৰ লগতে একেটা নিশাই কাজিৰঙাত পুনৰ গঁড় হত্যাকাণ্ড সংঘটিত হয়।

কাজিৰঙাৰ ষষ্ঠ সংযোজনত গঁড় হত্যা কৰি চোৰাং চিকাৰীয়ে খৰ্গ কাটি নিয়াত পুনৰ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ বিশ্বনাথ জিলাৰ বাঘমাৰীত উদ্ধাৰ হৈছে গঁড়টোৰ মৃতদেহটো। অসম গৌৰৱ এশিঙীয়া গঁড় হত্যা কৰি অবুজ প্ৰাণী বিধক নিঃশেষ কৰাৰ বাবে চোৰাং চিকাৰীয়ে ইটোৰ পিছত সিটো গঁড় হত্যাকাণ্ড সংঘটিত কৰি গৈছে৷ কিন্তু ইমানৰ পিছতো ৰাজ্য চৰকাৰ খনে গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ চৰকাৰৰ সকলো পদক্ষেপেই এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে৷

বিহালীৰ বাঘমাৰীত শনিবাৰে সংঘটিত হোৱা গঁড় হত্যা কাণ্ডই পুনৰবাৰ অসমীয়াৰ গৌৰৱক ৰক্ষাৰ নামত ভেঙুচালি কৰা বুলি অভিযোগ উত্থাপন হৈছে। চোৰাং চিকাৰীয়ে বন বিভাগৰ নিৰাপত্তা ব্যৱস্থাত ভেঙুচালি কৰি চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৰাজ্যত৷ আনহাতে তৰুণ গগৈৰ চৰকাৰৰ কালত কাজিৰঙাত নতুবা আন ঠাইত গঁড, হাতীৰ হত্যা হলে প্ৰতিক্ৰিয়া-প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছিল যদিও শেহতীয়াকৈ বন বিভাগ তথা ৰাজ্য চৰকাৰৰ গাফিলতিৰ বাবে প্ৰতিদিনে হাতী-গঁড়ৰ মৃত্যু হৈ আছে যদিও ধৰোতা কোনো নাই, মাত দিওঁতা কোনাে নাই৷

একাংশ লোকে ৰাজ্য খনৰ জাতীয়-জনগোষ্ঠীয় সংগঠন সমূহ কিয় নিমাত তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে৷ ইপিনে, বন বিভাগ আৰু ৰেল বিভাগৰ সমন্বয়হীনতাৰ ফলতেই দুৰ্ঘটনাত পতিত হৈ পুনৰ প্ৰাণ হেৰুৱালে চাৰিটাকৈ বনৰীয়া হাতীয়ে। শনিবাৰে নিশা প্ৰায় ৯-৩০ বজাত হোজাই জিলাৰ লংকাৰ হাৱাইপুৰ আৰু লুমচাখাং ৰেল ষ্টেচনৰ মাজত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো। ১৫৬১১ নম্বৰৰ উজনিমুৱা গুৱাহাটী-শিলচৰ যাত্ৰীবাহী ৰেলখনে নিশা হাৱাইপুৰ আৰু লুমচাখাং ৰেল ষ্টেচনৰ মাজৰ ১৬৭ নম্বৰৰ মাইল পোষ্টৰ ওচৰত ৰেল লাইন পাৰ হবলৈ ধৰা পাঁচটা হাতীক মহতীয়াই নিয়ে। ফলত চাৰিটা হাতীৰ মৃত্যু হয়৷