
newsnextone.com | গুৱাহাটীঃ চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে৷ নগাঁও জিলা আৰক্ষীয়ে চলোৱা অভিযানত দেওবাৰে ৰাজধানী গুৱাহাটী মহানগৰীত অভিযান চলাই অস্ত্ৰ সহ ৪ গৰাকী চোৰাং চিকাৰীক জালত পেলাবলৈ সক্ষম হয়৷ মহানগৰীৰ মাজমাজিয়াৰ আইএছবিটি আৰু যোৰাবাটৰ পৰা দুৰ্ধৰ্ষ চোৰাংচিকাৰীক আটক কৰিবলৈ সক্ষম হয় নগাঁও জিলা আৰক্ষীয়ে।
চুবুৰীয়া ৰাজ্য মণিপুৰৰ চোৰাচান্দপুৰৰ জেমছ লিয়ান খানমুং, লিয়ান খাংচু, বিয়াক লাল আৰু জেমলুন খাংচুক অস্ত্ৰৰ সৈতে গুৱাহাটীত মহানগৰীৰ পৰা আটক কৰে। চোৰাংচিকাৰী কেইটাৰ পৰা ২টা একে-৪৭ আৰু ৩০০ জাঁই সজীৱ গুলী উদ্ধাৰ কৰে আৰক্ষীয়ে। ১০ মে’ৰ নিশা বিশ্ব বিখ্যাত অসমৰ এশিঙীয়া গঁড় পুনৰ চোৰাং চিকাৰীৰ হাতত মৃত্যু হ’ব লগা হৈছিল৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কুকুৰকটা পাহাৰত শুকুৰবাৰে পুৱাই উদ্ধাৰ হৈছিল এটা গঁড়ৰ মৃতদেহ৷
সন্দেহ কৰা মতে ১০ মে’ৰ নিশা গঁড়টো হত্যা কৰি খৰ্গ কাটি নিয়ে৷ জানিব পৰা মতে, ১০ মে’ৰ গঁড় হত্যাত জড়িত আছিল ধৃত আটাইকেইটা চোৰাংচিকাৰী। ১১ মে’ত আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল এই দলটোৱে। নগাও জিলাৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিৰ নেতৃত্বত চলিছিল চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান।
পূৰ্বৰ বন মন্ত্ৰীয়ে চমক সৃষ্টিৰ বাবে ন’ ন’ কথা কৈছিল যদিও সুৰক্ষিত কৰিব পৰা নাছিল অসমৰ গঁড়ক৷ নতুনকৈ বন বিভাগৰ দায়িত্ব লোৱা মন্ত্ৰী পৰিমল শুক্লবৈদ্যই নিজে গাড়ী চলাই কাজিৰঙা ভ্ৰমণ কৰি চমক সৃষ্টি কৰি যোৱাৰ পিছতে ১০ মে’ৰ নিশা চোৰাং চিকাৰীয়ে পুনৰ গঁড় হত্যা কৰি কাটি নিয়ে খৰ্গ৷