কাজিৰঙাত পুনৰ দুই গঁড় হত্যা, কাটি নিলে খৰ্গ

ফাইল ফটো
ফাইল ফটো

কাজিৰঙাঃ বনজ সম্পদ তথা অসমৰ সম্পদ এশিঙীয়া গঁড় ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দি ৰাইজ ভোট আদায় কৰা অগপ, বিজেপি বিপিএফৰ মিত্ৰজোঁটৰ চৰকাৰে গঁড় ৰক্ষা কৰাত একপ্ৰকাৰ ব্যৰ্থ হৈছে৷ বৰ বৰ কথা কোৱা বন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ বন বিভাগে গঁড় হত্যা ৰোধ কৰিব পৰা নাই৷

বৃহস্পতিবাৰে নিশা এটি গঁড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ ১০০ ঘন্টা পাৰ নৌহওতেই পুনৰ দুটাকৈ গঁড় হত্যা কৰিলে চোৰাং চিকাৰীয়ে৷ কাজিৰঙাত পুণৰ গড়ঁ হত্যা হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ টুনিকাটি বনশিবিৰ এলেকাত মাক-পোৱালী গড়ঁ নিধন কৰে চোৰাং চিকাৰীয়ে৷ শনিবৰে নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এই ঘটনা৷ জানিব পৰা মতে, খৰ্গলৈ উধাও হৈছে চোৰাং চিকাৰী৷ উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা একে ঠাইতে চোৰাং চিকাৰীয়ে হত্যা কৰিছিল এটা মতা গঁড়৷