কৰ্কট ৰোগত আক্ৰান্ত পান দোকানীৰ দশম শ্ৰেণীত অধ্যয়নৰত পুত্ৰ ৰিয়াজ, সহায় লাগে পিতৃক

newsnextone.com | পৰ্বতঝোৰাঃ বিদ্যালয়খনৰ ভিতৰতে নাম থকা ছাত্ৰজন৷ শিক্ষাগুৰুৰ আদেশ আখৰে আখৰে পালন কৰা ছাত্ৰজন সকলো দিশতে আগৰণুৱা৷ পঢ়াশুনাৰ লগতে প্ৰতিভাৱান তাৰ্কিক হোৱাৰো আশা পুহি ৰাখিছিল পৰিয়াল, শিক্ষক আৰু সহপাঠীয়ে৷ পঢ়া-শুনা ভালদৰে কৰাৰ লগতে মেধাবী ছাত্ৰগৰাকী বিভিন্ন দিশত আগবঢ়া আছিল৷ যাৰ বাবে সকলোৰে আদৰৰ আছিল ছাত্ৰগৰাকী৷ 

প্ৰতিদিনে বিদ্যালয়লৈ আহি নিয়াৰিকৈ নিজৰ কৰ্তব্য সমাপন কৰি দৰিদ্ৰ পিতৃ-মাতৃকো সহায় সহযোগ কৰিছিল৷ সৰুৰে পৰা দৰিদ্ৰতাক ওচৰৰ পৰা দেখা ছাত্ৰগৰাকীয়ে ভাবিছিল মই পঢ়ি-শুনি ডাঙৰ মানুহ হম৷ দিনৰ দিনটো পিতৃয়ে হাড় ভগা শ্ৰম কৰি সাধাৰণ পৰিয়ালটোক চলাই আছিল৷ পিতৃয়ে সাধাৰণ পান দোকান দি পৰিয়াল চলাই আছিল৷

পুত্ৰই পঢ়া-শুনা কৰাত ভালবাবে নিজে এসাজ নাখাই হলেও পুত্ৰৰ পঢ়াৰ খৰছ উলিয়াইছিল৷ কিন্তু সেই পুত্ৰ এতিয়া বিছনাৰ সংগী৷ জীৱন যুদ্ধত জয়ী হোৱাৰ বাবে বিছনাত সংগ্ৰাম চলাই গৈছে পুত্ৰই৷ পুত্ৰক সুস্থ কৰিবলৈ সমানে যুদ্ধ কৰিছে পান দোকানী পিতৃয়ে৷ নিজৰ হাতত থকা টকা কেইটা খৰছ কৰাৰ লগতে ইজন-সিজনৰ সহায়েৰে ছাত্ৰগৰাকীক চিকিৎসা কৰি গৈছে৷ নাম তেওঁৰ ৰিয়াজ আলী৷ বয়স ১৫ বছৰ৷ 

মৰিগাঁও জিলাৰ জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ৰিয়াজে কৰ্কট ৰোগত আক্ৰান্ত হৈছে৷ যোৱা প্ৰায় এমাহ পূৰ্বে তেওঁৰ দেহত ধৰা পৰিছে কৰ্কট ৰোগ৷ এই ৰোগৰ বীজাণুু ধৰা পৰাৰ লগে লগে সহপাঠী, শিক্ষকসকলোৱে মৰ্মাহত হৈ পৰে৷ বিদ্যালয়খনৰ অমায়িক ছাত্ৰজনে শ্ৰেণী কোঠা এৰি স্কুলৰ বিপৰীতে চিকিৎসালৰ বিছনাত দিন পাৰ কৰিব লগা হৈছে৷ 

এগৰাকী দশম শ্ৰেণীৰ দৰিদ্ৰ ছাত্ৰ এতিয়া বিছনাৰ সংগী হৈ পৰাত শিক্ষক-সহপাঠী সকলো চিন্তিত৷ মৰিগাঁও জিলাৰ জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ দৰিদ্ৰ মেধাবী ছাত্ৰ ৰিয়াজে গুৱাহাটী হেলথ চিটি হাস্পতালত চিকিৎসাধীন হৈ আছে৷ মেধাবী ছাত্ৰ ৰিয়াজ আলীৰ পিতৃয়ে সাধাৰণ পান দোকান দি কোনো মতে পৰিয়ালটো পোহপাল দি আহিছে যদিও পুত্রৰ ৰোগৰ চিকিৎসা কৰাৰ বাবে হাতত নাই ধন৷ 

এতিয়া চিকিৎসকৰ পৰামৰ্শ মতে, ৰিয়াজক শীঘ্ৰে নিব লাগিব বহিঃৰাজ্যত চিকিৎসাৰ বাবে৷ উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ নিব লাগিলে লাগে কেইবালাখ টকা৷ বিদ্যালয়খনৰ পৰিয়াল, শিক্ষক আৰু ছাত্র-ছাত্রীসকলে ৰাজ্যখনৰ হৃদয়বান লোকৰ বিচাৰিছে আৰ্থিক সহায়৷ ৰিয়াজক পুনৰ সুস্থ হৈ উঠিবৰ বাবে যদি কোনো সদাশয় ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াৱ বিচাৰে তেন্তে ৰিয়াজ আলীৰ মাতৃৰ 6000230594 মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব৷

সহায়ৰ ভিক্ষা বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ পৰা সহায় বিচৰা পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াই ৰিয়াজক নতুন জীৱন দিব পাৰে৷ অসহায় উপায়হীন পৰিয়ালৰ কাষ চাপিছে সংবাদমাধ্যমৰ৷ যাতে অসমৰ হৃদয়বান ব্যক্তিয়ে জীয়া বাস্তৱ যান্ত্ৰনাত ভুগি থকা পৰিয়ালটোক সহায় কৰে।