
ধুবুৰীঃ অসমৰ চৰকাৰী চাউল ধুবুৰী জিলাৰে যায় বাংলাদেশলৈ৷ বাংলাদেশত নিয়াত সহায় কৰে চৰকাৰৰ বিভিন্ন পক্ষই৷ এই কথা প্ৰমাণ হয় দেওবাৰে নিশা৷ দেওবাৰে তিনি খন মহৰ গাড়ীৰে সমবায়ৰ চৰকাৰী চাউল কঢ়িয়াই নি থকাৰ সময়তে ৰাইজে জব্দ কৰিবলৈ সক্ষম হয় ৰাইজে৷
ধুবুৰী জিলাৰ বন্দিহানাত শালমাৰা প্ৰথম খণ্ডত বৃহৎ পৰিমানৰ চোৰাং চাউল জব্দ কৰে ৰাইজে৷ ৰাইজে চাউল জব্দ কৰি গাঁওবুঢ়া আৰু বন্দিহানা আৰক্ষীত গতাই দিয়ে৷ দীৰ্ঘদিন ধৰি চৰ চাপৰিত চৰকাৰী চাউলৰ চোৰাং ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে চাউল ধৰা পৰে৷ মহৰ গাড়ীৰে কঢ়িয়াই অনা চাউল বিটিএডিৰ বিভিন্ন ঠাইৰ গাঁও পঞ্চায়ত সমবায় সমিতিৰ পৰা বিভিন্ন ব্যৱসায়ীয়ে সংগ্ৰহ কৰে৷
ধুবুৰী, গৌৰীপুৰ আৰু বিটিএডিৰ বিভিন্ন সমবায় সমিতিৰ চোৰাং চাউল মহৰ গাড়ীৰে কঢ়িয়াই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বিভিন্ন পৰিয়ালৰ লোকৰ ঘৰত মজুত কৰে৷ তাৰ পিছতে জৰল পথেৰে বাংলাদেশলৈ চালান দি আহিছে একাংশ লোকে৷
তাৰ মাজতে গাঁওৰক্ষী বাহিনীয়ে জব্দ কৰা চাউল বন্দিহানা আৰক্ষী আৰু স্থানীয় গাঁওবুঢ়াত গতাই দিয়ে যদিও বন্দিহানা আৰক্ষীয়ে চোৰাং চাউল ব্যৱসায়ীৰ বিৰুদ্ধে ৰাইজে এজাহাৰ দিলে হে ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয়৷ বন্দিহানা আৰক্ষীয়ে সকলো অৱগত হোৱাৰ পিছতো ব্যৱস্থা গ্ৰহণৰ অভিযোগ উত্থাপন হয়৷
আনহাতে চোৰাং চাউল জব্দ কৰা গাঁওৰক্ষী বাহিনীৰ লোকক চোৰাং ব্যৱসায়ীয়ে মোবাইল যোগে ভাবুকি প্ৰদান কৰে৷ইমানে নহয় বি এছ এফ লগত লৈ চাউলজব্দ কৰা গাঁওৰক্ষী বাহিনীৰ লোককেইজনক নিশা তালাচি চলাই ধমকি দিয়াৰো অভিযোগ উত্থাপন কৰে৷ ইয়াৰ দ্বাৰাই প্ৰমাণ হয় চাউল ব্যৱসায়ীৰ সৈতে কোন কোন জড়িত হৈ আছে৷