বিজেপিয়ে ৰাজনৈতিক উদ্দেশ্যত এই কাম কৰিছেঃৰিপুণ বৰা

anitwitter
anitwitter

newsnextone.com | গুৱাহাটীঃ সোমবাৰে পুৱা ১০ বজাত মুকলি কৰা হ'ল এনআৰচিৰ চূড়ান্ত খচৰা। সোমাবাৰে পুৱা ১০ বজাত এনআৰচিৰ চূড়ান্ত খচৰা এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত মুকলি কৰে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ, উত্তৰ পূৰ্বাঞ্চলৰ গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই। অনলাইন যোগে আনুষ্ঠানিকভাৱে প্ৰকাশ পােৱাৰ পিছতে ৪০ লাখ ৭ হাজাৰ লোকৰ নাম সন্নিৱিষ্ট হোৱা নাই এই কথা ওলাই পৰে।

এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে তৃণমূল কংগ্ৰেছে সংসদ উত্তাল কৰি তোলে। বৰ্ষাকালীন অধিবেশনত তৃণমূল কংগ্ৰেছৰ সাংসদ সকলে ইচ্ছাকৃত ভাৱে চৰকাৰে ৪০ লাখ লোকৰ নাম কৰ্তন কৰা বুলি কৈ হৈ হাল্লা কৰাত সদন স্থগিত কৰিব লগা হয়। 

তাৰ লগে লগেই বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগ্ৰেছৰ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৪০ লাখৰ নাম অযোগ্য হৈছে। এয়া এক উচ্চ নিৰিখ আৰু আশ্চর্যজনক। বহু অনিয়ম সংঘটিত হৈছে। আমি চৰকাৰৰ সন্মুখত আৰু সংসদত এই বিষয়টো উত্থাপন কৰিম। বিজেপিয়ে ৰাজনৈতিক উদ্দেশ্যত এই কাম কৰিছে।