আমিনুৰ নে আফজলৰ ফৈদ, RMCৰ বৈধ সমিতি কোনখন? BTADত চাঞ্চল্য, কোকৰাঝাৰত আমিনুৰৰ ফৈদৰ সংবাদমেল

কোকৰাঝাৰঃ বিটিএডি অঞ্চলত সংখ্যালঘু সম্প্ৰদায়ৰ সমস্যা সমাধানৰ হকে সঘনে মাত মাতি অহা ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ আৰএমচি'ত শেহতীয়াকৈ সমান্তৰাল সমিতি গঠন আৰু উলম্ব বিভাজন হোৱাত সংগঠনৰ নিষ্ঠাবান কৰ্মীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দুয়োটা গোটৰ অভিযোগ-প্ৰতি অভিযোগে সংগঠনৰ ভিতৰচৰা উত্তপ্ত কৰি থকাৰ সময়তে আৰএমচিৰ আফজল হক সৰকাৰ গোটটোৱে সংবাদমেলত তেওঁলোকৰ সমিতিখন বৈধ বুলি দাবী কৰাৰ ২৪ ঘন্টা পাৰ নৌহওঁতেই মঙলবাৰে আৰএমচিৰ আমিনুৰ ৰহমান গোটে সংবাদমেলৰ আয়োজন কৰি তেওঁলোকৰ সমিতিখন বৈধ বুলি দাবী কৰে৷

অধিবেশনৰ প্ৰতিনিধি সভাত সৰ্বসন্মতিক্ৰমে তথা ছয় খন জিলা সমিতিৰ সমৰ্থনত সাংবিধানিক ভাবে গঠন হোৱা তেওঁলোকৰ সমিতিখনকে বৈধ বুলি দাবী কৰিছে আফজল হক সৰকাৰে৷ কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত সংবাদমেলত আৰএমচিৰ আমিনুৰ ৰহমান নেতৃত্বাধীন গোটৰ কাৰ্যকৰী সভাপতি নাজিম আলী আৰু উপ সভাপতি মবিনুৰ ইছলামে আৰএমচিৰ আফজল হক সৰকাৰ নেতৃত্বাধীন কেন্দ্ৰীয় সমিতিখনক সাংবিধানিকভাৱে বৈধ নহয় বুলি দাবী কৰিছে৷ 

অবৈধ সমিতিখনৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ন পদত আফজাল হক সৰকাৰক লোৱা হৈছে অথচ আফজাল হক সৰকাৰ আৰএমচিৰ প্ৰাথমিক সদস্য পদতো নাই বুলি জানিবলৈ দিছে নেতাদ্বয়ে৷ একেদৰে সমিতিখনৰ সাধাৰণ সম্পাদকৰ দৰে দায়িত্ব দিয়া আয়নাল হক নামৰ ব্যক্তিগৰাকীয়ে এবছৰ পূৰ্বেই আৰএমচিৰ জিলা সমিতি পদৰ পৰা অব্যাহতি লৈছিল৷ তদুপৰি অবৈধ সমিতিখনৰ কাৰ্যকৰী সভাপতি বুলি জাহিৰ কৰা ৰিজাউল হক সৰকাৰে বিগত কাৰ্যকালৰ খতিয়ান দিব নোৱাৰি গোপনে প্ৰতিনিধি সভাৰ পৰা পলায়ন কৰিছিল বুলি দাবী কৰে আমিনুৰ ৰহমানৰ সমিতিয়ে।

অবৈধ সমিতিখনৰ মুখ্য উপদেষ্টা হিচাপে জাহিৰ কৰা গুলজাৰ হুছেইন মোল্লা এজন স্থিতিহীন ব্যক্তি বুলিও সাংবাদিক মেলত সদৰী কৰি নিজৰ ক্ষুদ্ৰ স্বাৰ্থসিদ্ধি আদায়ৰ বাবে ধৰ্মীয় সংখ্যালঘু ৰাইজক বিপথে পৰিচালনা কৰা কাৰ্য কোনো পধ্যে সহ্য কৰা নহব বুলি আমিনুৰ ৰহমান আৰু মবিনুৰ ইছলামে সংবাদমেলত হুংকাৰ দি প্ৰতিনিধি সভাত সৰ্বসন্মতিক্ৰমে গঠন হোৱা আৰএমচিৰ মুল সমিতিখনে ধৰ্মীয় সংখ্যালঘু ৰাইজৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক আৰু যিকোনো সমস্যা সমাধানৰ হকে কাম কৰি যাব বুলি মন্তব্য কৰিছে৷ 

উল্লেখ্য যে, আৰএমচিৰ সপ্তম ত্ৰি-বাৰ্ষিক অধিবেশনখন যোৱা ২৫ মাৰ্চত গোসাঁইগাওঁৰ জয়মা মিছন হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছিল৷ অধিবেশনৰ প্ৰতিনিধি সভাত বিটিচি অঞ্চলৰ ১০খন জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰিছিল। অধিবেশনত গোসাইগাঁও, পৰ্বতঝোৰা, বিজনী, তামুলপুৰ, মছুলপুৰ আৰু ভেৰগাঁও সমিতিৰ সমৰ্থনত আমিনুৰ ৰহমানক সভাপতি, নাজিম আলিক কাৰ্যকৰী সভাপতি আৰু ছেলিম আহমেদ খানক সাধাৰন সম্পাদক হিচাপে লৈ ৫১ জনীয়া আৰএমচিৰ সমিতিখন গঠন কৰা হয়৷ 

বক্তাৰ আলি আহমেদক মুখ্য উপদেষ্টা আৰু শওকাত আলি আলী আহমেদ আৰু ফজলুল হকক আইনী উপদেষ্টা হিচাপে লৈ এখন উপদেষ্টা সমিতিও গঠন কৰা হয়৷ নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পুৰণাৰ্থে কিছুসংখ্যক স্বাৰ্থান্বেষী ব্যক্তিয়ে নিজৰ স্বাৰ্থ সিদ্ধিৰ উদ্দেশ্যে প্ৰতিনিধি সভাৰ পৰা পলায়ন কৰে আৰু প্ৰতিনিধি সভাক অগ্ৰাহ্য কৰি সিদিনা নিশাই ফকিৰাগ্ৰাম এজন ব্যক্তিৰ ঘৰত গোপনে এখন অবৈধ সমিতি গঠন কৰা বুলিও আজি সংবাদমেলত অভিযোগ কৰে৷ 

আৰএমচিৰ কেন্দ্ৰীয় অধিবেশনৰ সামৰণিৰ পিছতে সংগঠনটোৰ ভিতৰচৰাত নেতৃত্বক লৈ খোৱা কামোৰা আৰু পদবীৰ লালসাত আমিনুৰ ৰহমান ফৈদ আৰু আফজল হক সৰকাৰৰ ফৈদৰ সমান্তৰাল সমিতি গঠনৰে সংগঠনটোৰ উলম্ব বিভাজন হোৱাত ধৰ্মীয় সংখ্যালঘু ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।