ৰাজ পথত মৃত্যুৰ কিৰিলি, ভয়ংকৰ পথ দুৰ্ঘটনা নিহত ৫

খাৰুপেটীয়াঃ ইটােৰ পিছত সিটো দুৰ্ঘটনাই প্ৰাণ লৈছে মানুহৰ৷ পথৰ দুৰৱস্থাৰ বাবে নিতৌ পথ দুৰ্ঘটনা সংঘটিত হৈ মানুহৰ প্ৰাণ গৈছে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত৷ ৰাইজে পথটো মেৰামতি কৰাৰ বাবে দীৰ্ঘ দিনে দাবী জনায় আহিছে যদিও ভ্ৰক্ষেপ নাই চৰকাৰৰ৷ মঙলবাৰে নিশাও যেন পথটোত ৰৈ আছিল খাপ পিটি ৰৈ আছিল মৃত্যুৱে৷

দৰঙৰ দলগাঁৱৰ বটাবাৰীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগী এএছ-ডিএল-৩-চিআৰ-৬৭৬৮ নম্বৰৰ ৱাগনাৰ এখনে এএছ-১৪-চি-০৮০৬ নম্বৰৰ ট্ৰাকৰ সৈতে মুখামুখী সংৰ্ঘষ লাগে৷ ফলত ৱাগনাৰৰ ভিতৰত থকা নাদিম আনছাৰী, ইমাম আনছাৰী আৰু ওছমান আনছাৰী নামৰ তিনিজন লোকৰ থিতাতে মৃত্যু হয়৷ আন তিনিজন গুৰুতৰ ভাবে আহত হয়।

আহত লোকসকলক মঙলদৈ অসামৰিক  চিকিৎসালয়ত ভৰ্তি কৰে স্থানীয় লোক তথা আৰক্ষীয়ে৷ তাৰ পিছত চিকিৎসালয়ত মৃত্যু হয় ওম প্ৰকাশ আৰু কৃষ্ণ নন্দ চৌধুৰী নামৰ দুজন লোকৰ৷ স্থানীয় ৰাইজে ৰাষ্ট্ৰীয় ঘাই পথৰ দুৰৱস্থাৰ ফলতেই এনেদৰে এতিয়া দুৰ্ঘটনা সংঘটিত হৈ মানহে মৃত্যুক আকোৱালি লব লগা হৈছে৷ গাড়ী খনত অহা লোকসকল বিয়া খাবলৈ আহি উভতি যোৱাৰ পথত দুৰ্ঘটনাত পতিত হয়৷ তেজপুৰৰ পৰা আহি থকা অৱস্থাত দুৰ্ঘটনা সংঘটিত হয়৷