
জালুকবাৰীঃ মহানগৰীৰ সমীপৰ সাত মাইলত দেওবাৰে নিশা প্ৰায় ২ বজাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত শিশু সহ একেটা পৰিয়লৰ ৬গৰাকী লোকে কৰুণ মৃত্যুক আকোৱালি লয়৷ জানিব পৰা মতে, গুৱাহাটী মহানগৰৰ পৰা নিশা প্ৰায় ১-৩০ বজাত গোৱালপাৰা অভিমুখে গৈ থকা AS-25-BC-9325 নম্বৰৰ অল্টত এখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পিটনিত পৰে৷
জালুকবাৰীৰ সাতমাইলত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিৰ পিটনিত অল্ট সহ পৰি ৬গৰাকী লোকে ৩ ঘণ্টা পিটনিত আৱদ্ধ হৈ থাকে। স্থানীয় লোক নিশা বহু পলম কৈ ঘটনাৰ বিষয়ে অৱগত হোৱাত জালুকবাৰী আৰক্ষীৰ সহায়ত গাড়ী খন উদ্ধাৰ কৰে যদিও গাড়ী খনৰ ভিতৰত থকা আটাইকেইজন লোকৰ মৃত্যু হয়৷ দুগৰাকী শিশু, দুগৰাকী মহিলা আৰু দুজন পুৰুষৰ মৃতদেহ উদ্ধাৰ হয় গাড়ী খনৰ ভিতৰৰ পৰা৷
আৰক্ষীয়ে মৃতদেহ সমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাত মৃত্যু হোৱা আটাইকেইজন লোক গোৱালপাৰা চহৰৰ সমীপৰ গেৰুৱা শিমলী তোলা নামৰ ঠাইৰ আছিল বুলি জানিব পৰা গৈছে৷ দেওবাৰে গুৱাহাটীলৈ আহি নিশা ঘৰলৈ উভতি গৈছিল তেওলোকে। ভাৰত দাস, পত্নী ৰীনা দাস, পুত্ৰ জ্যোতিৰাজ দাস আৰু তিনি সম্পৰ্কীয়ৰ মৃত্যুত গোৱালপাৰাত শোকৰ ছাঁ পৰে৷ ভাৰত দাস নামৰ লোকগৰাকীয়ে আমবাৰীত ভাড়াতীয়া হিচাপে থাকি মহানগৰীৰ ফাঁচী বজাৰৰ এখন বস্ত্ৰৰ দোকানত কাম কৰি আছিল বহু বছৰ ধৰি৷