কোকৰাঝাৰৰ বালাগাঁৱত দুৰ্ঘটনা, নিহত ১ আহত ৫

কোকৰাঝাৰঃ বিটিএডিৰ সদৰ কোকৰাঝাৰৰ বালাগাঁৱৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সন্মুখত ভয়ানক পথ দূৰ্ঘটনা সংঘটিত হৈ এগৰাকী লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন ৫গৰাকী লোক গুৰুতৰভাৱে আহত হয়। নিহত লোকজন কোকৰাঝাৰৰ নিউ টিলাপাৰাৰ শুক্লেশ্বৰ ব্ৰহ্ম (৪৭) বুলি জানিব পৰা গৈছে৷

শনিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত জিলাখনৰ আইঠুগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক দেৱদাস ওৱাৰী(৬৪)য়ে নিজে চলাই অহা এএচ-১৭-৩৭১৬ নম্বৰৰ মাৰুতী ওৱাগনাৰ গাড়ীৰে প্ৰচণ্ড গতিৰে কেবাজনো পথচাৰীক মহটিয়াই নিয়ে। চাইকেল আৰোহী পথচাৰীক মহটিয়াই ত্ৰাসৰ সৃষ্টি কৰা দেৱদাস ওৱাৰী নিজেও শেষত দূৰ্ঘটনাগ্ৰস্থ হয় আৰু গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাত বিশমুৰীৰ প্ৰদীপ বসুমতাৰী (৩০), বিশমুৰীৰ মহেশ বসুমতাৰী (২৩,), নিউ লাওৰিপাৰাৰ বিলিফাং বসুমতাৰী (২১), লাওৰিপাৰাৰ দৈমালু  বসুমতাৰী (১৮) আৰু মাৰুতী গাড়ীৰ চালকৰ আসনত থকা অৱসৰপ্ৰাপ্ত শিক্ষক দেৱদাস ওৱাৰী আহত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুভাষ কোচ ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আহতসকল সম্প্ৰতি কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।