মৰাণত স্কুল বাছক খুন্দিয়ালে ট্ৰাকে, ৫০ ছাত্ৰ আহত

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

মৰাণঃ ডিব্ৰুগড় জিলাৰ মৰাণত ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈ ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰী গুৰুতৰ ভাবে আহত হোৱাৰ খবৰ পোৱা গৈছে। জনিব পৰা মতে, এল পি জি কঢ়িযায় আনি থকা ট্ৰাক এখনে ডিব্ৰুগড়ৰ ডুমুৰ দুলুং টি স্কুলৰ প্ৰায় ১৮০ গৰাকী ছাত্ৰ-ছাত্ৰী কঢ়িযায় আনি থকা এখন স্কুল বাছত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

ফলত মৰাণত হাহাকাৰৰ পৰিবেশৰ সৃষ্টি হয়। ছাত্ৰ-ছাত্ৰীসকলে মৰণ কাটৰ চিঞৰ বাখৰ কৰে। ততাতৈয়াকৈ ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰি ৰাইজ তথা আৰক্ষীয়ে৷

স্কুল বাছৰ লগত এলপিজি ট্ৰাকৰ মুখামুখি সংঘৰ্ষ লগাৰ ফলত প্ৰায় ৫০ জন ছাত্ৰ-ছাত্ৰী গুৰুতৰ ভাবে আহত হয়৷ আহত ছাত্ৰ-ছাত্ৰীসকলক ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজত ভৰ্তি কৰে। ইয়াৰে ৫গাৰকী ছাত্ৰৰ অৱস্থা সংকট জনক বুলি জানিব পৰা গৈছে৷দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত এখন বাছত ১৮০ গৰাকী ছাত্ৰ-ছাত্ৰী কঢ়িযায় অনা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে মৰাণত৷