
নগাঁওঃ নাগালেণ্ডৰ ডিমাপুৰত শুকুৰবাৰে সংঘটিত এটি পথ দুৰ্ঘটনাত এগৰাকী অসমৰ শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে ৭গৰাকী শ্ৰমিক আহত হয়৷ জানিব পৰা মতে, নিহত আৰু আহত শ্ৰমিকসকল নগাঁও জিলাৰ বটদ্রৱাৰ৷ যোৱা ১৪ মাৰ্চত বটদ্রৱা আৰক্ষী থানাৰ অন্তৰ্গত আমলক্ষী গাঁৱৰ নুৰ মহম্মদ, আবুল বাছাৰ, বাহাৰুল ইছলাম, হবিবুৰ ৰহমান, ইজাজুল হক আৰু ভেটিবাৰী গাঁৱৰ জিয়াৰ আলম, আইনুল ইছলামে কাম কৰিবলৈ গৈছিল ডিমাপুৰলৈ গৈছিল।
আব্দুল মতিন নামৰ ঠিকাদাৰৰ সৈতে যোৱাৰ পিছত এদিন পিছতেই শুকুৰবাৰে পুৱা ৫ বজাত এনএল-০৭-এ-৫০২৪ নম্বৰৰ এখন টাটা ম’বাইল গাড়ীৰে কামলৈ গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন মালবাহী ট্রাকে খুন্দিওৱাৰ ফলত এজন শ্ৰমিকৰ মৃত্যু হয় আৰু ৭গৰাকী শ্ৰমিকৰ মৃত্যু হয়৷
আহত শ্ৰমিকসকলক ডিমাপুৰ জিলা হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত বাহাৰুল ইছলাম(১৮)ৰ মৃত্যু হয়। আত্মীয়ই ভুলবশত মৃতদেহ মৰণোত্তৰ পৰীক্ষা নকৰাকৈ বটদ্রৱালৈ লৈ আহে যদিও বটদ্রৱা আৰক্ষীৰ তৎপৰতাত বাহাৰুল ইছলামৰ মৃতদেহ পুনৰ ডিমাপুৰৰ ইষ্ট পুলিচ ষ্টেছনলৈ প্রেৰণ কৰিব লগা হয়। আনহাতে গুৰুতৰভাবে আহত আইনুল হক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যুৰ সৈতে যুজি থকা বুলি জানিব পৰা গৈছে।