
গোগামুখঃ ধেমাজি জিলাৰ গোগামুখত পথ দুৰ্ঘটনা সংঘটিত হৈ এজন লোকৰ গুৰুতৰ ভাবে আহত হয়৷ আহত অচিনাক্ত লোকজনক সংকটজনক অৱস্থাত ততাতৈয়াকৈ লক্ষীমপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
জানিব পৰা মতে, অৰুণাচলৰ পৰা অহা এখন তীব্ৰ বেগী স্কৰপিঅ’ গাড়ীয়ে ১৫নং ৰাষ্ট্ৰীয় পথত এই দুৰ্ঘটনা সংঘটিত কৰি পলাব বিচাৰে যদিও ৰাইজে বাহনৰগৰাকীক আটক কৰিবলৈ সক্ষম হয়৷