ধলপুৰত শোকাৱহ দুৰ্ঘটনা, নিহত ৪, আহত ১৯

newsnextone.com | নাৰায়ণপুৰঃ শুকুৰবাৰে পুৱা লখিমপুৰ জিলাৰ ধলপুৰত এটি শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়৷ পুৱাৰ ভাগত সংঘটিত হোৱা দুৰ্ঘটনাটোত ৪ জন লোক নিহত হোৱাৰ লগতে ১৯ জন গুৰুতৰ ভাৱে আহত হয়৷

জানিব পৰা মতে, এছ-০৭চি-৭৪৯১ নম্বৰৰ মহিন্দ্ৰ বলেৰ’ পিক আপ ভেন এখনে বিহপুৰীয়াৰ বদতিৰ পৰা ধলপুৰত পকী কাম কৰিবলৈ অহা ২২ জন শ্ৰমিকক কঢ়িয়াই আনিছিল৷ কিন্তু ধলপুৰ দৈনিক বজাৰৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে৷

ফলত গাড়ীখনৰ ভিতৰত থকা ২ জন শ্ৰমিকৰ ঘটনাস্থলীতে মৃত্যু ঘটে৷ আনহাতে আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আন ২ জন গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত শ্ৰমিকৰ মৃত্যু ঘটে৷ ইফালে দুৰ্ঙটনাত গুৰুতৰভাৱে আহত ১৯ জন শ্ৰমিকক উন্নত চিকিৎসালৰ বাবে লক্ষিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়৷

নিহত শ্ৰমিক কেইজন দুলাল কুৰ্মী (৩৪), দীপা কামান (৩০), নাৰায়ণ পেগু আৰু মাইনা পেগু বুলি জানিব পৰা গৈছে৷ নিহত আটাইকেইজন শ্ৰমিকৰ ঘৰ বিহপুৰীয়াৰ বদতিৰ জামুগুৰীত বুলি জানিব পৰা গৈছে৷