
জাগীৰোডঃ মৰিগাঁও জিলাৰ নেলীৰ শিলচাং অভাৰ ব্ৰিজত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়৷ নগাঁও অভিমুখী এখন ট্ৰেভেলাৰত বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী ই’কভানে প্ৰচণ্ড জোৰে খুন্দা মাৰে৷
ফলত সম্পূৰ্ণ ৰূপে ই’কভানখন বিধ্বস্ত হৈ পৰাৰ লগতে এজন ব্যক্তি নিহত হয়৷ নিহত ব্যক্তি গৰাকীৰ পৰিচয় অদ্যপি জানিব পৰা হোৱা নাই৷