জাঁজীত পথৰ পৰা ২০ ফুট তলত বাগৰি পৰিল হু'ণ্ডাই ক্ৰেটা

নামতিঃ শিৱসাগৰ জিলাৰ জাঁজীত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হৈ দুগৰাকী লোক গুৰুতৰ ভাবে আহত হয়। জানিব পৰা মতে, ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই AS-04-R-5962 নম্বৰৰ হোণ্ডাই ছাইন মটৰ চাইকেল এখন।

ফলত মটৰ চাইকেলত অহা দুয়োগৰাকী লোক গুৰুতৰ ভাবে আহত হয়। টিয়কৰ পৰা শিৱসাগৰ অভিমুখে আহি আছিল মটৰ চাইকেল খন। আনহাতে মটৰ চাইকেল খনক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ২০ ফুট তলত বাগৰি পৰে হ'ণ্ডাই ক্ৰেটা নামৰ বাহনখন।

AS-23-Q-7796 নম্বৰৰ তিনিচুকীয়াৰ পৰা কাজিৰঙালৈ স্বামী-স্ত্ৰীসহ পৰিয়াল আহিছিল বাহনখনত৷ দুৰ্ঘটনাত বাইক চালক আৰোহী গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হোৱাৰ বিপৰীতে হোণ্ডাই ক্ৰেতাখনৰ পৰিয়ালটো ৰক্ষা পৰে। ৰাষ্ট্ৰীয় ঘাইপথটো ভগ্ন অৱস্থাৰ বাবেই দৈনিক দুৰ্ঘটনা সংঘটিত হৈ আহিছে।