ভগ্নীৰ হাতত ধৰি বিদ্যালয়ত আহি থকা ৰাচিদাক খুন্দিয়াই হত্যা

বঢ়মপুৰঃ নগাঁও জিলাৰ চামগুৰিৰ ভগামুৰত শোকাৱহ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ আৰক্ষীৰ সন্মুখতে একাংশ লোকে দুৰ্ঘটনা সংঘটিত কৰা এখন ডিআইত আক্ৰমণ কৰাত উত্তেজনাৰ সৃষ্টি হয়৷ জানিব পৰা মতে, পুৱাই চামগুৰিৰ ভগামুৰত পথ দুৰ্ঘটনা সংঘতিত হৈ এগৰাকী ৮ বছৰীয়া ছাত্ৰীৰ মৃত্যু হয়৷

ৰাচিদা খাতুন নামৰ ছাত্ৰীগৰাকীৰ মৃত্যুৰ পিছতে ৰাইজ উত্তেজিত হৈ পৰে৷ পুৱাৰ নিজ ভগ্নীৰ হাতত ধৰি ভগামুৰৰ প্ৰাথমিক বিদ্যালয়লৈ আহি থকা অৱস্থাত কণমানি ছাত্ৰীগৰাকীক মহতিয়াই নিয়ে দ্ৰুতবেগী ডিআই খনে। ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত কৰি বাহন সহ চালক জন ঘটনাস্থলীৰ পৰা পলাবলৈ সক্ষম হয় যদিও প্ৰায় দুই কিলোমিটাৰ নিলগত বাহনখন এৰি পলায়ন কৰে চালকজনে।

দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ পৰা ৰাইজে উদ্ধাৰ কৰে ধপাত জাতীয় সামগ্ৰী। চালক জনে মদ্যপান কৰি গাড়ী চলোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷ নগাওঁ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে দীৰ্ঘদিন ধৰি চুড়ান্ত দুৰ্নীতিৰ আশ্ৰয়লৈ নীতি বহিৰ্ভূতভাৱে বহু অনভিজ্ঞ লোকক অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ক্ষুব্ধ ৰাইজে।ৰাইজক এয়া দুৰ্ঘটনা নহয় হত্যাকাণ্ড বুলি কয়।