নীলবাগান-মোৰাঝাৰ পথত দুৰ্ঘটনা

মোৰাঝাৰঃ হোজাইৰ নীলবাগান-মোৰাঝাৰ পথত দুৰ্ঘটনা সংঘটিত হৈ কেবাজনো লোক গুৰুতৰ ভাবে আহত হয়৷ MH-04-FL-5664 নম্বৰৰ বাইক আৰু অলটোৰ মুখামুখি সংঘৰ্ষ লগাৰ ফলত কেবাগাৰকী লোক আহত হয়৷

সংকটজনক অৱস্থাত বাইক আৰোহী জীৱান উদ্দিন সহ কেবাজনো লোকক স্থানীয় লোকে নীলবাগান হাস্পতালত ভৰ্তি কৰে৷ জীৱানৰ ঘৰ মোৰাঝাৰৰ অকচেত পথাৰ গাঁৱত বুলি জানিব পৰা গৈছে৷ জৰাজীৰ্ণ নীলবাগান-মোৰাঝাৰ পথত প্ৰায়ে সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা।