দোলাবাৰিত পথ দুৰ্ঘটনা, মহিলা নিহত

তেজপুৰঃ তেজপুৰ চহৰৰ সমীপৰ দোলাবাৰিত ৰাষ্ট্ৰীয়য় ঘাইপথ দুৰ্ঘটনা সংঘটিত হৈ এগৰাকী মহিলাৰ মৃত্যু হয়৷ নগাঁৱৰ পৰা তেজপুৰ অভিমুখে তীব্ৰ গতিত আহি থকা এএচ-১২-ইচি২৬৯৫ নম্বৰৰ টাটা চুমুৱে দোলাবাৰী চাৰিআলিৰ এগৰাকী মহিলাক মহতিয়াই নিয়ে।

ফলত লাইলা বেগম নামৰ মহিলাগৰাকীৰ থিতাতে নিহত হয়। উত্তেজিত ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা টাটা ছুমু খনৰ ক্ষতি সাধন কৰে। পথৰ পুখুৰী সদৃশ গাতৰ বাবে প্ৰায়ে এনেদৰে পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰে ৰাইজে।