ঠেলামৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ১

ঢেকীয়াজুলিঃ শোণিতপুৰ জিলাৰ ঠেলামৰাত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ তেজপুৰৰ পৰা গুৱাহাটী মুখী এখন তীব্ৰবেগী এ এচ-১২এফ-২৭৬২ নম্বৰৰ গ্ৰেণ্ড আইটেন গাড়ীয়ে মহতীয়াই নিয়ে তিনি খনকৈ বাইক আৰু এখন চাইকেল৷

ভাৰতীয় ষ্টেট বেংকৰ তেলিগাঁও শাখাৰ সন্মুখতে আজি বিয়লিৰ ভাগত সংঘটিত হোৱা দুৰ্ঘটনাত বাইকৰে গৃহমুখী হোৱা নোমল বড়ো নামৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকক খুন্দিয়াই গুৰুতৰ ভাৱে আহত কৰে৷ ইয়াৰ উপৰিও পথৰ দাঁতিত ৰখাই থোৱা আন দুখন বাইক আৰু এখন চাইকেল খুন্দিয়াই ক্ষতিগ্ৰস্ত কৰে৷

দুৰ্ঘটনাগ্ৰস্ত লোক জনক সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে ১৫নং ৰাষ্ট্ৰীয় পথৰ বিধ্বস্ত অৱস্থা আৰু যান বাহনৰ নিয়ন্ত্ৰণহীন চালচলনৰ ফলত এই পথত এনে ধৰণৰ ভয়ংকৰ দুৰ্ঘটনাবোৰ সংঘটিত হৈ আহিছে৷