নিশা ১২ বজাত তীব্ৰ বেগী বাইকৰ খুন্দাত প্ৰাণ গ’ল মানসৰ

ওদালগুৰিঃ ওদালগুৰি জিলাৰ ওদালগুৰি চহৰৰ মাজমাজিয়াত দেওবাৰে নিশা শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈ এগৰাকী যুৱকৰ মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

জানিব পৰা মতে, দেওবাৰে নিশা প্ৰায় ১২ বজাত এখন তীব্ৰবেগী বাইকে মানস প্ৰতিম দাস নামৰ যুৱকজনক খুন্দা মাৰে৷ ওদালগুৰি ৰেল গেটৰ সমীপত বাইকৰ খুন্দাত গুৰুতৰ ভাৱে আহত হয় যুৱকজন।

বহু পলমকৈ একাংশ লোকে যুৱকজনৰ প্ৰত্যক্ষ কৰে যদিওঁ তেতিয়ালৈ মানস প্ৰতীম দাসৰ (৩৩) মৃত্যু হয়৷ ওদালগুৰি চহৰৰ বাসিন্দা যুৱকজনৰ মৃত্যুত ওদালগুৰি চহৰত শোকৰ ছাঁ পৰে৷