শূন্য সহনশীল মুখ্যমন্ত্ৰী, নিৰ্মাণৰ পিছতে হোজাই-শ্বিলং ৰোডত গাঁত

newsnextone.com | লংকাঃ যোৱা ২৭ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লী-মীৰাট এক্সপ্ৰেছ ৱে’ ৰাইজৰ বাবে মুকলি কৰি প্ৰায় ৫ কিঃ মিঃ পথ ৰোড শ্ব’ কৰিছিল৷ নিজামুদ্দিনৰ পৰা প্ৰায় ৫ কিঃমিঃ পথ খোলা গাড়ীত উঠি মোডীয়ে ৰোড শ্ব’ কৰে। 

উত্তৰ প্ৰদেশৰ সৈতে দেশৰ ৰাজধানী সংযোগী দিল্লী-মীৰাট এক্সপ্ৰেছ ৱে’ ৰাষ্ট্ৰৰ বাবে মুকলি কৰি মোডীয়ে গৌৰৱবোধ কৰিছিল৷ দেশৰ পৰা দুৰ্নীতি নিৰ্মূল কৰি পথ সমূহ নিৰ্মাণ কৰা হ’ব বুলি কৈ আহিছো খোদ মোডীয়ে৷ 

আনহাতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুৰ্নীতি সহ্য কৰা নহ’ব বুলি কৈ শূন্য সহনশীলতা নীতি অৱলম্বন কৰা হ’ব বুলি কৈ আহিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুৰ্নীতিৰ বিৰুদ্ধে হুংকাৰ দি আহিলেও অসমত এনে হুংকাৰক ভয় কৰােতা কোনো নাই৷ 

অসমৰ ক্ষেত্ৰত এখন বিপৰীত ছবি দেখা যায়৷ মুখ্যমন্ত্ৰীৰ শূন্য সহনশীলতা নীতিক অংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ লোকে দুৰ্নীতি সংঘটিত হৈ আহিছে৷ মধ্য অসমক তথা হোজাই জিলাক ডিমা হাচাও, কাৰ্বি আংলং আৰু শ্বিলঙৰ সৈতে সংযোগ কৰা এটা অতি গুৰুত্ব পূৰ্ণ পথ নিৰ্মাণৰ পিছতে এফালৰ পৰা পকী সমূহ উঠি যাবলৈ আৰম্ভ কৰিছে৷ একাংশ লোকে অভিযোগ উত্থাপন কৰা মতে, পথটো নিৰ্মাণৰ কাম সমাপ্ত হোৱাৰ পিছৰে পৰা বহু ঠাইত গাঁতৰ সৃষ্টি হয়৷

চাইডবাম ভালকৈ নিদিয়াৰ ফলত বহু ঠাইত খহি গৈছে পথটো৷ এখন দলঙৰ মধ্যম অংশ জহি-খহি গৈ গাঁতৰ সৃষ্টি হোৱাত ভয়াবহ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে৷ ৰাইজে নিম্নমানৰ সামগ্ৰীৰে পালমৰা ধৰণে কাম কৰাৰ ফলত পথটোৰ অৱস্থা এনেকুৱা হ’ব বুলি অভিযোগ উত্থাপন কৰে৷

চৰকাৰ পথ-দলং আদিৰ উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা বুলি দাবী কৰি আহিছে যদিও হোজাই জিলাৰ লংকাত বিপৰীত ছবিয়ে ৰাইজৰ চকু কপালত তুলিছে৷
ডিমা হাছাও, কাৰ্বি আংলং আদি পাহাৰীয়া জিলাক মধ্য অসমৰ সৈতে সংযোগ কৰা শ্বিলঙৰোডৰে নিতো শ-শ গধুৰ যান-বাহন আহ-যাহ কৰে৷

সম্প্ৰতি লংকাৰ বৰদলঙস্থিত দলঙখনৰ দুয়োমূৰে খহনীয়াৰ সৃষ্টি হোৱাৰ লগতে বৃহৎ আকাৰৰ গাঁত সমূহ এতিয়া হৈ পৰিছে একপ্ৰকাৰে মৰন ফান্দ। যিকোনো সময়ত এই গাঁতত সংঘটিত হব পাৰে ভয়ংকৰ দুৰ্ঘটনা। ৰাইজ সোচ্চাৰ হৈ পৰাৰ পিছতো বৰ্তমান সময়লৈকে কুম্ভকৰ্ণ নিদ্ৰাত বিভাগীয় কতৃপক্ষ। স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰি কয় যে বিভাগীয় কৰ্তৃপক্ষক মৌখিক ভাৱে বিষয়টো অৱগত কৰাৰ পাছতো আজিকোপতি গাঁত কেইটাৰ মেৰামতিৰ বাবে কোনো পদক্ষেপ লোৱা নাই।