বিটিচি চুক্তিৰ পুনৰীক্ষণ, গাঁও কৰ্তনৰ দাবীত অবড়োৰ অৰ্থনৈতিক অৱৰোধ

গোৰেশ্বৰঃ বিটিচি চুক্তিৰ পুনৰীক্ষণ, বিটিচিৰ পৰা অবড়ো অধ্যুষিত গাঁও কৰ্তন আৰু অসম বিভাজনৰ ষড়যন্ত্ৰ বন্ধ কৰাৰ দাবীত মঙলবাৰৰ পৰা অবড়ো সুৰক্ষা সমিতিয়ে অৰ্থনৈতিক অৱৰোধ কাৰ্যসুচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ বিটিএডিলৈ প্ৰৱেশ কৰা পথত অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰি পথত টায়াৰ জ্বলাই বিটিএডিৰ বিভিন্ন ঠাই উত্তাল কৰি তোলে।

বাক্সা জিলাৰ গোৰেশ্বৰৰ গেৰুৱাতো অবড়ো সুৰক্ষা সমিতিয়ে পথ অৱৰোধ কৰে। গোৰেশ্বৰ চহৰলৈ প্ৰেৱশ কৰা পথ অৱৰোধ কৰাৰ ফলত আবদ্ধ হৈ পৰে বহু যান-বাহন। অৱৰোধৰকাৰী সকলে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চৰকাৰক শীঘ্ৰে বিটিচি চুক্তি পুনৰীক্ষণ কৰি অবড়োৰ অধিকাৰ বিটিএডি সুৰক্ষিত কৰাৰ দাবী জনায়।

প্ৰতিবাদকাৰীসকলে অবড়ো সুৰক্ষা সমিতি জিন্দাবাদ, অসম বিভাজন বন্ধ কৰক, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগান দিয়ে। অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাই বিটিচি চুক্তি পুনৰীক্ষন কৰি অবড়ো অধ্যুষিত গাঁওসমূহ কৰ্তন কৰিবলৈ অসম চৰকাৰক দাবী জনাই অহাৰ পিছতো আজিলৈ বিষয়টোক চৰকাৰে গুৰুত্ব আৰোপ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে।

আনহাতে পৃথক বড়োলেণ্ড প্ৰদানৰে অসমক আকৌ এবাৰ বিভক্ত কৰিব বিচৰাটো চৰম হতাশাজনক কথা বুলিও কয় কলিতাই। অবড়ো সুৰক্ষা সমিতিয়ে কোনো কাৰণত অসমক আকৌ এবাৰ বিভাজন হ’ব বুলি নিদিও বুলি হুংকাৰ দিয়ে। ইপিনে মঙলবাৰৰ পুৱাৰে পৰা ২৪ ঘন্টীয়া অৰ্থনৈতিক পথ অৱৰোধৰ সময়ছোৱাত বিটিএডিলৈ প্ৰৱেশ কৰা ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে বিভিন্ন অঞ্চলত পথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।