
খেৰণিঃ শাসনৰ গাডীত বহাৰ পিছত সলনি হয় নেতাবোৰ।নিৰ্বাচনৰ পুৰ্বে সকলো প্ৰতিশ্ৰুতি পাহৰে নেতা পলিনেতাই৷ সমগ্ৰ অসমৰ ভিতৰত যেন কেৱল মাত্ৰ মহানগৰ খনেই তেওঁলোকৰ কামৰ বাবে নতুবা কথা কবৰ বাবে হে৷ আনকি খোদ মুখ্যমন্ত্ৰীৰ গৃহ জিলাতেই নাই উন্নতিৰ চিন-মোকাম৷ তেনে ক্ষেত্ৰত কাৰ্বি আংলং বহুত দূৰ৷ কংগ্ৰেছৰ শাসনৰ দিনতেই হওঁক বা বিজেপিৰ শাসনৰ দিনতেই হওঁক আজিকোপতি পাৰ্বত্য জিলা খনৰ বাবে কোনো চৰকাৰেই লোৱা নাই উন্নয়ণৰ বাবে ব্যৱস্থা৷
পশ্চিম কাৰ্বি আংলং তথা ২০ নং বৈঠালাংছ’ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ জেৰিকিন্দেং, মাকৈলুম, খাটকাছলা, মুজিয়েম, উমখ্ৰিমী, চাৰছিম, আমৰেং, লাংথাত, লাংমেপি, মাটিখোলা আদি অঞ্চলত বসবাস কৰা ৰাইজৰ বাবে যাতায়াতৰ একমাত্ৰ মেৰুদণ্ডস্বৰূপ পথ হৈছে খেৰণি-জেৰিকিন্দেং-মাকৈলুম গড়কাপ্তানী পথ৷ কিন্তু কি হ’ব, অতি পুতৌজনকভাৱে বিধ্বস্ত হৈ পৰা তথা কেৱল নামতহে পকী পথ হৈ থকা খেৰণি-জেৰিকিন্দেং-মাকৈলুম গড়কাপ্তানী পথটোয়ে এতিয়া এক বৃহত্তৰ এলেকাৰ ত্ৰিশ হাজাৰোধিক লোকক জ্বলা-কলা খুৱাই জীয়াতু ভুগাব ধৰিছে৷ মুঠতে পথেই হৈ পৰিছে এতিয়া যমদুত৷

আনহাতে ইফালে আকৌ বিকল্পৰ কোনো উপায় নাপায় পথটোকে ব্যৱহাৰ কৰি অহা সমগ্ৰ অঞ্চলৰ লোক সকলৰ বাবে চিন্তাজনক বিষয় হৈ পৰিছে পাহাৰীয়া জিলাখনত৷ প্ৰণিধানযোগ্য যে অঞ্চলবাসীৰ বাবে অতিকৈ প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ উল্লেখিত পথটো সুদীৰ্য ১৫ বছৰ ধৰি মেৰামতিৰ অভাৱত প্ৰায় ৫৫ কিঃমিঃ দৈৰ্ঘ্যৰ পকী পথটোত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰীসদৃশ গাঁতৰ সৃষ্টি হৈ বিধ্বস্ত ৰূপ লোৱা পৰিলক্ষিত হৈছে৷ পথটো এতিয়া সমুলি নিশ্চিহ্ন হোৱাৰ দিশে গতি কৰাৰ লগতে তথৈবচ অৱস্থাত থকা উক্ত পথটোয়ে সম্প্ৰতি বৃহত্তৰ অঞ্চলটোত হোৱা উন্নয়ণ আৰু বিকাশৰ বিপৰীত ছবি উদঙাব ধৰিছে৷
অপৰিসীম গুৰুত্ব থকা এই পথটো এইদৰে দিনকদিনে অনুপযোগী হৈ পৰাৰ আনুসাংগিক ফলস্বৰূপে ৰোগীক চিকিৎসা প্ৰদান কৰা, প্ৰসুতিক চিকিৎসালয়লৈ নিয়া, ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ অহা-যোৱা কৰা ক্ষেত্ৰৰ আদিৰ লগতে আন আন সমস্যাৰো সন্মুখিন হবলগীয়াত পৰিছে অঞ্চলটোৰ ৰাইজ৷ ৰাইজৰ জীৱন যাত্ৰাত, সৰ্বাদিশৰ উন্নয়ণ আৰু বিকাশৰ ক্ষেত্ৰত এতিয়া প্ৰধান হেঙাৰ হৈ পৰিছে অবৰ্ণনীয় অৱস্থাত থকা একমাত্ৰ পথটোৱে বুলি একাংশ ৰাইজে মন্তব্য কৰিছে৷ আনহাতে আন একাংশ পথচাৰী, যাত্ৰী, চালক আদিয়ে আকৌ ক্ষোভেৰে প্ৰশাসন, বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগীতা আৰু অনিহাৰ বাবে বৃহত্তৰ অঞ্চলৰ ৰাইজে এনে এক জলন্ত সমস্যাৰ সন্মুখিন হ’ব লগা হৈছে বুলি কয়৷

তদানিন্তন কংগ্ৰেছ চৰকাৰৰ শাসন কালত উন্নয়ণ আৰু বিকাশৰ নামত ৰাইজে যি ছবি দেখিলে, পুনৰ সেই একেই ছবিৰ দৰ্শক হ'ব লগাহৈছে অঞ্চলবাসীয়ে। উল্লেখ্য যে উন্নয়ণ আৰু বিকাশৰ বিপৰীত ছবি দাঙি ধৰা উল্লেখিত পথটোৰ মেৰামতিৰ নামত আবন্টিত হোৱা ধনো আনকি বহু সময়ত কাম নকৰাকৈ অথবা দুই-তিনি পাচিমান ৰঙা মাটি ছটিয়াইয়ে ধন আত্মসাৎ কৰি আহিছে বুলিও বিভাগ আৰু ঠিকাদাৰৰ বিৰোদ্ধে অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে৷
কিন্তু এতিয়া সকলোৰে প্ৰশ্ন অলেখ সপোন আৰু আশা মনত পুহি ৰখা ৰাইজে এনেবোৰ সমস্যাৰ পৰা সকাহ অথবা পৰিত্ৰাণ কেতিয়াবা পাবনে? পৰিবৰ্তনৰ শ্ল’গান দি অহা পৰিবৰ্তনকামী বিজেপি চৰকাৰখনে অথবা জনপ্ৰতিনিধি আৰু বিভাগটোয়ে ৰাইজৰ মৰ্মবেদনাৰ বুজ লোৱাৰ সময় আৰু সমস্যা সমাধানৰ উপায় উলিয়াবনে, নে নিৰ্বকাৰ হৈ চকুমুদা কুলি হৈয়ে ৰ’ব? অঞ্চলবাসীলৈ পৰিবৰ্তনকামী চৰকাৰখনে কি পৰিবৰ্তন আনে সেয়া পৰৱৰ্তী সময়ত বাৰুকৈ লক্ষণীয় হ’ব৷