
newsnextone.com | গোৰেশ্বৰঃ ৰাজ্যৰ জলসিঞ্চন মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ আপোন ঠিকাদাৰ প্ৰভু আগৰৱালাৰ বাইহাটা চাৰিআলি-ৰামগাঁও নাগ্ৰীজুলি পথ নিৰ্মাণৰ নামত অতপালি অব্যাহত ৰাখিছে৷ ৰাজ্যৰ প্ৰথমশ্ৰেণীৰ ঠিকাগৰাকীয়ে স্থানীয় ৰাইজ, গড়কাপ্তানি বিভাগৰ অভিযন্তা-বিষয়াৰ চকুত ধূলি দি নিম্নমানৰ সামগ্ৰীৰে পথটো নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে৷
বন বিভাগৰ চকুত ধূলি দি বনজ সম্পদ ধ্বংস কৰি চোৰাংকৈ সৰবৰাহ কৰাৰ অভিযোগৰ লগতে গুৱাহাটী মহানগৰীৰ সৈতে সম্পৰ্ক থকা, উত্তৰ কামৰূপ আৰু বাক্সা জিলাবাসীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ পথটো নিম্ন মানৰ সামগ্ৰীৰে নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে৷ বাক্সা-কামৰূপ জিলাৰ গুৰুত্বপূৰ্ণ বাইহাটা চাৰিআলি-ৰামগাঁও নাগ্ৰীজুলি পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰাৰ সুবাদতে ক্ৰেছাৰ মেচিন বহুৱাই ঠিকাদাৰগৰাকীয়ে ৰাজ্যৰ আন ঠাইলৈ শিল বালি কঢ়িওৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে দুদিন পূৰ্বে কৰা পিটচ এফালৰ পৰা এৰি যোৱাৰ অভিযোগ উত্থাপন হৈছে৷
নিৰ্মাণৰত পথটোৰ পিটচ চকলা-চকলে এৰিব ধৰাত গড়কাপ্তানি বিভাগৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে ৰাইজ৷ কোটি কোটি টকাৰে নিৰ্মাণ কৰি থকা পথটো ঠিকাদাৰে এফালৰ পৰা পকী কৰি গৈছে যদিও আন এফালৰ এৰি যোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে৷ বিশ্ব বেংকৰ অৰ্থ সাহায্যত পুনৰ নিৰ্মাণ কৰি থকা চাৰিআলি ৰামগাঁও নাগ্ৰিজুলি গড়কাপ্তানি পথ (ৰাজ্যিক ঘাই পথ)ৰ পকীকৰণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ পিছতো গড়কাপ্তানি বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু স্থানীয়ে দল-সংগঠনে মাত নিদিয়াত ক্ষোভিত হৈ পৰিছে ৰাইজ৷ ফলত পকীকৰণৰ পিছতেই চকলা-চকলে এৰি গৈছে কামৰূপৰ গাছবাৰীৰ সমীপৰ ভলুকাৰ তলৰ অংশৰ পিটচ বোৰ৷ ধিক্কাৰ দিছে গড়কাপ্তানি বিভাগৰ বিষয়া-কৰ্মচাৰীক স্থানীয় ৰাইজে৷
পথটো নিৰ্মাণত ব্যাপক খেলিমেলি তথা ঠিকাদাৰে নিজৰ মইমতালিৰে কাম কৰাৰ প্ৰতিবাদত অলপতে গোৰেশ্বৰৰ মহৰিপাৰাত উত্তৰ বেতনা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কেবাটাও সংগঠনে চাৰি ঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। লেহেম গতিত পথ নিৰ্মাণ কৰাৰ লগতে নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন তকিছিল আছুৱে৷
বাইহাটা চাৰিআলি-ৰামগাঁও নাগ্ৰীজুলি পথ নিৰ্মাণৰ প্ৰয়োজনীয় শিল বালি ভাৰত-ভূটান সীমান্তৱৰ্ত্তী নৈৰ পৰা সংগ্ৰহ কৰাৰ বাবে অনুমতি লৈ দীৰ্ঘদিন ধৰি পথটোৰ গইনা লৈ দিনে নিশাই অন্য ঠাইলৈ ডাম্পাৰেৰ সৰবৰাহ কৰি আহিছিল বুলি অভিযোগ উত্থাপন হৈছিল৷ বাইহাটা চাৰিআলি-ৰামগাঁও নাগ্ৰীজুলি পথটোৰ জৰাজীর্ণ অৱস্থাৰ পৰা মুক্তি পাবলৈ ৰাইজে প্ৰতিবাদ কৰি অহাৰ ফলত বিশ্ববেংকৰ ৭০ কোটি টকাৰে নিৰ্মাণ কৰাৰ আঁচনি লয় চৰকাৰে৷ ৫২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণৰ দায়িত্ব লাভ কৰে আগশাৰীৰ ঠিকাদাৰ প্ৰভূ আগৰৱালাই। পথটো লেহেমীয়া গতিৰে নিৰ্মাণ কৰি তাৰ বিপৰীতে ৰাজ্যত শিল-বালিৰ নাটনিৰ অজুহাত দেখুৱাই আহিছে৷ ইমানে নিম্নমানৰ সামগ্ৰীৰে পথটোৰ কাম কৰাৰ ফলত এফালৰ পৰা পকীবোৰ উঠি যোৱাৰ অভিযোগ উত্থাপন কৰে পৰাইজে৷
উল্লেখ্য যে, ২০১৬ চনৰ ২৩ ফেব্ৰুৱাৰীত সেই সময়ৰ কমলপুৰৰ বিধায়ক যাদৱ ডেকাৰ উপস্থিতিত সংসদীয় সচিব মণিলাল গোৱালাই ৰঙিয়া গড়কাপ্তানি পথ সংমণ্ডল আৰু গোৰেশ্বৰ গড়কাপ্তানী উপ-সংমণ্ডলৰ অধীনৰ পথটো বাইহাটা চাৰিআলিত শুভৰাম্ভ কৰিছিল। ২৪ মাহ অতিক্ৰম কৰি যোৱাৰ পিছতো পথটোৰ নিৰ্মাণ শামুকীয়া গতিৰে কৰাৰ অভিযোগ উত্থাপন হয় প্ৰভু আগৰৱালাৰ বিৰুদ্ধে। আনহাতে ৰাইজে সময়ে সময়ে অতি নিম্নমানৰ কাম কৰাৰো অভিযোগ তুলিও কাম বন্ধ কৰি দিয়াৰ লগতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷