উন্নয়ন! নিৰ্মাণৰ পিচতেই চকল এৰিছে পকী পথৰ, তামাৰহাটত ৰাইজে বন্ধ কৰি থলে পথ নিৰ্মাণ

newsnextone.com | গোলকগঞ্জঃ পৰিৱৰ্তনৰ দোহাই দি চৰকাৰ গঠন কৰা বিজেপি, অগপ আৰু বিপিএফ দলে সঁচাকৈ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিছেনে৷ যদি এই কথাৰ উত্তৰ বিচাৰিব লগা হয় তেন্তে পূৰ্বৰ চৰকাৰ আৰু বৰ্তমানৰ চৰকাৰৰ মাজত পাৰ্থক্য কি আছে তাকেই চাব লাগিব৷ পূৰ্বৰ চৰকাৰৰ দিনত ব্যাপক দুৰ্নীতি-ভ্ৰষ্টাচাৰ হৈছিল সেয়া আজিও হৈ আছে৷ হয়তো দুৰ্নীতিৰ কথা প্ৰচাৰ কম কৈ হয়৷

প্ৰতিটো কাৰ্যালয়ত কাম কৰি দিয়াৰ বিনিময়ত আজিও টকা দিব লগা হয়৷ কেৱল বিষয়াৰ টকা সংগ্ৰহ কৰাৰ পদ্ধতি সলনি হৈছে৷ আজিও জীৱন সম্পত্তিৰ সুৰক্ষাৰ বাবে মানুহে হাহাকাৰ কৰিব লগা হয়৷ সীমান্তত নগাই তাণ্ডৱ আজিও চলাই গৈছে৷ আজিও ৰাজ পথত যান-বাহনৰ পৰা টকা সংগ্ৰহ কৰাৰ নিয়ম চলি আছে৷ ঠিকাদাৰৰ মই মতালি আজিও চলে৷

ঠিকাদাৰে ধন ঘটাৰ স্বাৰ্থত বিভাগীয় নীতি নিয়মক জলাঞ্জলি দি নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণ কৰাৰ ফলত ৰাইজে বাৰে বাৰে ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লগা হয়৷ মুঠৰ ওপৰত পৰিৱৰ্তনৰ নামত এখন ধূসৰ ছবিহে দেখিছে ৰাইজে৷ পৰিৱৰ্তনৰ কথা উল্লেখ কৰাৰ কাৰণ হৈছে নিৰ্বাচনৰ পূৰ্বে পৰিৱৰ্তনৰ কথাকৈ ভোট ভিক্ষা কৰি চৰকাৰ গঠন কৰিছিল অগপ, বিজেপি আৰু বিপিএফে৷ কিন্তু এই খন চৰকাৰৰ দিনতেই এতিয়া ঠিকাদাৰে ব্যাপক লুন্ঠনৰ আশ্ৰয় লৈছে৷

ৰাজ্যৰ বিভিন্ন জিলাত ব্যাপক অনিয়মেৰে পথ নিৰ্মাণ কৰাৰ প্ৰচাৰ হৈ অহাৰ সময়তে কোকৰাঝাৰ জিলাৰ কাজিগাঁও থানাৰ অন্তৰ্গত খৰখৰী-বাশবাৰী সংযোগী পথৰ জলডোবাৰ পৰা পাগলাহাট বজাৰলৈ তিনিদিন পূৰ্বে নিৰ্মিত পথছোৱাত ব্যপক অনিয়ম সংঘটিত হোৱাৰ অভিোগ উত্থাপন হয়৷ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ ৩ দিন পাৰ নহওতেই দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰে ব্লেক টেপিং পাৰি যোৱাত অংশ চপৰা চপৰে খহি যোৱাক লৈ ৰাইজৰ মাজত ক্ষোভৰ উকদগীৰণ ঘটে৷

পকীবোৰ চপৰা-চপৰে খহিবলৈ ধৰাত গড়কাপ্তানী বিভাগে ঠিকাদাৰৰ কাম-কাজত নজৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷ ঠিকাদাৰে পথৰ জাৱৰ-জোঁথৰ, ধূলি-বালিৰ ওপৰতে ব্লেক টেপিং কৰাৰ ফলত দুই এখন বাহন চলাচল কৰাৰ ফলত পকী সমূহ এফালৰ পৰা উঠি যোৱা পৰিলক্ষিত হৈছে। পকীসমূহ হাতেৰে সহজেই উঠাই আনিব পাৰি।

দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰে পথ নিৰ্মাণৰ নামৰ আবন্টিত ধন হস্তগত কৰি ৰাইজক আভুৱা ভাৰিব বিচৰাত শেষত উপায়ন্তত হৈ অঞ্চলবাসী ৰাইজে পথছৗোৱা নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে৷ ৰাইজৰ অভিযোগ অনুসৰি ঠিকাদাৰে পথ নিৰ্মাণ কাৰ্যৰ কোনো ফলক ব্যৱহাৰ নকৰাকৈ ৰাইজক অন্ধকাৰত ৰাখিব বিচাৰিছিল যদিও একাংশ সচেতন ৰাইজৰ তৎপৰতাত বিষয়া-ঠিকাদাৰৰ এনে কুৎ কৌশল পোহৰলৈ আহে৷

ইফালে, কামৰ চোৱা-চিতাৰ দায়িত্বত থাকা আশৰাফ আলী নামৰ ব্যক্তিজনে কামৰ সবিশেষ তথ্য ৰাইজক নজনাকৈ পথ নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰি ক্ষোভিত হৈ পৰে জলডোৱা গাঁৱৰ ৰাইজ।