পথ মেৰামতিৰ দাবীত ৰঙিয়াত আছুৰ প্ৰতিবাদ

ৰঙিয়াঃ পৰিবৰ্তন আৰু উন্নয়নৰ শ্ল’গানেৰে ৰাজ্যৰ শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে আছুই৷ বাট-পথ উন্নয়নৰ দাবীত আজি ৰঙিয়াত আছুই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সোণোৱাল চৰকাৰৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ সাব্যস্ত কৰি বাট-পথ উন্নয়ণৰ দাবী জনায়৷

পশ্চিম ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়া-ধমধমা সংযোগী পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰি থকা এই পথটোৱে বহুদিন ধৰি অঞ্চলবাসীক যমৰ যাতনা ভুগাই আহিছে৷ আনহাতে জৱাহৰ নৱোদয় বিদ্যালয়লৈ যোৱা গুৰুত্বপূৰ্ণ এই পথটোৰ দুৰ্দশাৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলেও।

যাতায়তৰ নামত দূৰ্ভোগ ভুগি অহা ৰাইজে পথটো নিৰ্মাণৰ বাবে গড়কাপ্তানী বিভাগক বহুবাৰ আবেদন কৰাৰ পাছতো কোনো গুৰুত্ব প্ৰদান নকৰাত অঞ্চলবাসী এতিয়া অতিষ্ঠ হৈ পৰিছে।

সেয়ে সোমবাৰে ৰাইজৰ সহযোগত আছুই ঘাইপথ অৱৰোধ কৰি পুনৰ পথটো নিৰ্মানৰ বাবে প্ৰতিবাদ কাৰ্যসূচী হাতত লয়৷ আজি আছুৰ প্ৰতিবাদত চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিস্থিতি উত্তাল হৈ পৰে।

আনহাতে শীঘ্ৰে এই পথটো মেৰামতি নকৰিলে অনাগত দিনত তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে সংগঠনটোৱে।