পথত যুদ্ধকালীন তৎপৰতা, অসহায় বিধায়কৰ ঘৰলৈ যোৱা পথ নিৰ্মাণ কৰিলে ৰাইজে

খাৰুপেটীয়াঃ চৰকাৰ তথা জনপ্ৰতিনিধিয়ে কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰাত হাতে হাতে কোৰ লৈ পথ নিৰ্মাণৰ বাবে ওলাই আহিল ৰাইজ৷ ৰাইজে গাঁঠিৰ ধন ভাঙি শ্ৰম দান কৰি পথ নিৰ্মাণ কৰিবলৈ ওলাই আহি নিৰ্বাচনত নেতাক চাই লোৱাৰ হুংকাৰ দিয়ে৷ বিগত কেইবা দিন ধৰি ৰাইজে অৰ্থ সংগ্ৰহ কৰি সোমবাৰে যুদ্ধকালীন তৎপৰতাৰে পথ নিৰ্মাণ কৰে৷

দৰং জিলাৰ দলগাঁও সমষ্টিৰ খাৰুপেটীয়া নগৰ সমিতিৰ অন্তৰ্গত ওৱাহাব নগৰৰ ৭নং ৱার্ডৰ সদ্য ব্যস্ত মূল পথটো ৰাইজে নিৰ্মাণ কৰে৷ পথটোৰ জৰাজীৰ্ণ অৱস্থাই যমৰ-যাতনা ভোগ কৰি আহিছে ৰাইজে৷ স্থানীয় বিধায়ক তথা নগৰ সমিতিক পথটো নিৰ্মাণৰ বাবে বাৰে দাবী জনাই অহাৰ পিছতো গুৰুত্ব প্ৰদান নকৰাত যাতায়তৰ সুবিধাৰ বাবে গাঁঠিৰ ধন ভাঙি শিল-বালিৰে পথটো নিৰ্মাণ কৰে ৰাইজে৷ 

এজাক বৰষুণতে পানী জমা হৈ কদৰ্য ৰূপ ধাৰণ কৰা পথটোৰ বাবে মানুহ ঘৰৰ পৰা ওলাব নোৱাৰা হৈ পৰে। পথটোৰে ৰিক্সা, ঠেলা, বাইক আদি চলাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হয়৷ স্কুল-কলেজৰ ছাত্র-ছাত্ৰীৰ লগতে পথটোৰে অহা-যোৱা কৰা সাধাৰণ লোকে কষ্ট কৰিব লগা হয়৷ 

পথটো আৰম্ভণিৰ প্ৰায় ৫০ মিটাৰ সোমাই আহিয়ে স্থানীয় বিধায়ক আৰু খাৰুপেটীয়া নগৰ সমিতিৰ সভানেত্ৰীৰ ঘৰ৷ তাৰ পিছতো পথটো মেৰামতি নকৰাত ক্ষোভিত হৈ পৰে অঞ্চলটোৰ ৰাইজ। ৰাইজে ১ লাখ টকা খৰছ কৰি পথটো মেৰামতি কৰে। জানিব পৰা মতে,  দলগাঁও সমষ্টিৰ বিধায়কগৰাকী শাসকীয় দলৰ নোহোৱা হেতুকে বহু আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হয়৷